
কলিয়াবৰঃ বানাক্ৰান্তই এসাজ ভাত, কাপোৰ, বাসস্থানৰ বাবে হাহাকাৰ কৰি থকাৰ সময়তে প্ৰতিবাদ কৰিবলৈ ওলাই আহিল বানাক্ৰান্ত৷ নগাঁও জিলাৰ কলিয়াবৰৰ হাটবৰত বানাক্ৰান্তই পথ অৱৰোধ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। কলিয়াবৰৰ হাটবৰত মাথাউৰী কাটি দিয়াৰ অভিযোগত পথ অৱৰোধ কৰে বানাক্ৰান্তই।
জলসম্পদ মন্ত্ৰীৰ নিজা সমষ্টিত অভাৱনীয় পৰিবেশৰ মাজতে কলিয়াবৰ প্ৰশাসন মুৰ্দাবাদ, কেশৱ মহন্ত মুৰ্দাবাদ ধ্বনি দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ কলং নৈৰ কলিয়াবৰৰ বৰঘোপ পাহাৰৰ পৰা হাতীমূৰালৈকে থকা মথাউৰিটো ছিঙি নিয়াৰ ফলত সমগ্ৰ অঞ্চলটোত জলপ্ৰলয়ে দেখা দিয়ে।
হাতীমূৰা মথাউৰিটো শনিবাৰে নিশা প্ৰায় ২ বজাত উটুৱাই নি ৰণচণ্ডী ৰূপ ধাৰণ কৰে মৰা কলঙে৷ ৩খনকৈ পকী দলং জাহ যায় কলঙৰ বুকুত। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথো পানীৰ তলত। যাতায়ত ব্যাহত হৈছে¸ উজনি-নামনিৰ। পানীৰে উপচি পৰিছে চিকিৎসালয়, বিদ্যালয়-মহাবিদ্যালয়, আৰক্ষী থানা।
তাৰ মাজতে ৰাইজে কলিয়াবৰৰ হাটবৰত মাথাউৰি কাটি দিয়াৰ অভিযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে বানাক্ৰান্তই পৰ্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগো উত্থাপন কৰে৷