
গুৱাহাটীঃ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ডিব্ৰুগড় আৰক্ষীয়ে ৩০ ঘন্টাৰ মূৰকত আদালতত হাজিৰ কৰাই অখিল গগৈক৷ আৰক্ষীয়ে অখিল গগৈক তদন্তৰ খাতিৰত ৪ দিনৰ বাবে নিজৰ জিম্মাত লয়৷
ৰাজ্যৰ গৃহ বিভাগে কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰাৰ পাছৰে পৰা উত্তাল হৈ পৰিছে ৰাজ্য৷ একাংশ দল-সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ অৱৰোধ কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি অখিলক আটক কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
কৃষক নেতা অখিল গগৈক আটক কৰি ডিব্ৰুগড় জিলালৈ লৈ অহাৰ পাছৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলাই জিলাই পথ অৱৰোধ আৰু ৰেলপথ অৱৰোধ কৰি অখিল গগৈক গ্ৰেপ্তাৰৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে।
আনহাতে যোৱা ৩০ ঘন্টা ধৰি উত্তাল হৈ আছে ডিব্ৰুগড় জিলা৷ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা ওলাই অহা শ শ লোকে একপ্ৰকাৰ ঘেৰাও কৰি ৰাখিছে ডিব্ৰগড় সদৰ আৰক্ষী থানা৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে উত্তাল কৰি ৰাখিছে থানা চৌহদ৷ নিশাৰ পৰা অখিল গগৈয়ে আৰক্ষী তথা ৰাজ্য চৰকাৰক বিভিন্ন প্ৰশ্নবাণেৰে থকা-সৰকা কৰে৷
NNO আমগুৰিঃ আমগুৰিত অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত ৰেল পথ অৱৰোধ৷ বৰাহীবাৰীত নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলখন অৱৰোধ কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। কৃষক নেতা অখিল গগৈক গোলাঘাটৰ নিজ বাসগৃহৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ খবৰ বিয়পি পৰাৰ লগে লগেই আমগুৰিত প্ৰতিবাদমুখৰ হৈ পৰে। ছাত্ৰ সংগঠনটোৰ নেতা-কৰ্মীয়ে আমগুৰিৰ বৰাহীবাৰীত ৰেলপথ অৱৰোধ কৰি অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়াৰ দাবী জনায় উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ ফলত নামনিমুৱা ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলখন প্ৰায় এঘণ্টা সময়ধৰি আৱদ্ধ হৈ পৰে।
NNO যোগীঘোপাঃ যোগীঘোপাৰ বালাপাৰাত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ে পথত টায়াৰ জ্বলাই অখিলক গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনায়৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি শীঘ্ৰে অখিল গগৈক মুক্তি কৰি দিয়াৰ দাবী জনায়৷
NNO খাৰুপেটীয়াঃ অখিল গগৈক মুক্তিৰ দাবীত খাৰুপেটীয়াত প্ৰতিবাদ৷ দৰং জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ধূলাৰ ফকিৰপাৰাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। অৰ্ধশতাধিক কৰ্মীয়ে ৰাজ পথত টায়াৰ জ্বলাই বিজেপি চৰকাৰ হুচিয়াৰ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে। অখিলক বিনাচৰ্তে মুক্তি কৰি দিয়াৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে৷
NNO শিৱসাগৰঃ শিৱসাগৰৰ ডিমৌত ৰাজপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে৷ কৃষক নেতা অখিল গগৈক মুক্তি দাবীত ৩৭নং ঘাইপথ অৱৰোধ কৰি অখিলক মুক্তি দিয়াৰ দাবী জনায়৷
NNO তেজপুৰঃ অসম জাতিয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সমিতিয়ে অখিলক গ্ৰেপ্তাৰ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দি বিনা চৰ্তে মুক্তিৰ দাবী উত্থাপন কৰে। অন্যথা সংগঠনটোৱে গণতান্ত্ৰিভাৱে আন্দোলন কৰাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৱে৷
NNO ডিব্ৰুগড়ঃ অখিল গগৈক গ্ৰেপ্তাৰৰ পাছৰে উত্তাল হৈ পৰিছে ডিব্ৰুগড়৷ ডিব্ৰুগড় জিলাৰ সৰ্বসাধাৰণ লোক ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে৷ বুধবাৰে সন্ধিয়াৰ পৰাই ডিব্ৰুগড় জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দলে-বলে ওলাই আহি ডিব্ৰুগড় থানা চৌহদ উত্তাল কৰি ৰাখে৷ আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি প্ৰদীপ শালৈকো ডিব্ৰুগড় অাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ প্ৰদীপ শালৈৰ পত্নীয়ে ডিব্ৰুগড় সদৰ থানাত উপস্থিত হৈ স্বামী প্ৰদীপ শালৈক সাক্ষাৎ কৰিব বিছাৰে যদিও সাক্ষাৎ কৰিবলৈ নিদিয়াৰ অভিযোগ উত্থাপন কৰি ডিব্ৰুগড় অাৰক্ষীৰ বিৰুদ্ধে শালৈৰ পত্নীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷
NNO গোগামুখঃ মৰাণৰ এখন সভাত অখিল গগৈয়ে অসমৰ স্বাৰ্থত প্ৰযোজন সাপেক্ষে একে-৪৭ হাতত তুলি লম বুলি কোৱাত বুধবাৰে সন্ধিয়া গোলাঘাট জিলাৰ নিজা গৃহৰ পৰা চোচৰাই চোচোৰাই মুখত সোপা দি গ্ৰেপ্তাৰ কৰে অখিল গগৈক৷ অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ পাছৰে পৰা প্ৰতিবাদ মুখৰ হৈ পৰে গোগামুখ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মুখ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি সোৱনশিৰী নৈত বিসৰ্জন দি প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোগামুখ আঞ্চলিক সমিতিৰ সম্পাদক পাপু ডেকাই কৃষক নেতা অখিলক দুদিনৰ ভিতৰত মুক্তি নিদিলে ৰাজ্য চৰকাৰক ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থকাৰ বাবে সকীয়াই দিয়ে৷
NNO গোলাঘাটঃ গোলাঘাটৰ কলেজ তিনিআলি, বেঙেনাখুৱা আৰু বাটা পইণ্টত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি-কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
NNO জাজীঃ জাজীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। শীঘ্ৰে মুক্তি নিদিলে অধিক জংগী কাৰ্যসূচী হাতত ল'ব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰীসকলে।