22
Sep
2017

শিৱসাগৰঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত এতিয়া সৰ্বত্ৰে হৈছে প্ৰতিবাদ৷ আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ নগৰ সমিতিয়েও কৃষক নেতা গৰাকীৰ মুক্তিৰ লগতে আন কেতবোৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷
কৃষক নেতা অখিল গগৈক বিনাচৰ্তে মুক্তি প্ৰদানৰ লগতে আৰ এছ এছৰ মুক্ত অস্ত্ৰ প্ৰশিক্ষণ বে-আইনী ঘোষণা কৰা, খিলঞ্জীয়াৰ অস্তিত্বৰ বাবে বৃহৎ পুঁজিপতিক মাটিৰ পট্টা দিয়া বন্ধ কৰা, নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শিৱসাগৰ নগৰ সমিতিয়ে শিৱসাগৰৰ ASTC বাছ আস্থানৰ পৰা দল মুখ চাৰিআলি হৈ ব'ডিং ফিল্ডলৈ জোঁৰ সমদল কাৰ্যসূচী উলিয়ায়৷
শতাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদী কণ্ঠত আজি শিৱসাগৰ আকাশ বতাহ উত্তাল হৈ পৰে৷