বাঘবৰঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি জ্বলিছে প্ৰত্বাদৰ জুই৷ বিভিন্ন দল-সংগঠন আৰু কৃষক নেতাই আজি অখিল গগৈৰ মুক্তিৰ দাবীত চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষক নেতাগৰাকীক বিনাচৰ্তে মুক্তিৰ দাবীত আজি বৰপেটা জিলা ভাতকুছিতো বাঘবৰ-বৰপেটা সংযোগী পথ অৱৰোধ কৰি টায়াৰ জ্বলাই প্ৰতিবাদ সাৱস্ত কৰে বৰপেটা জিলা কৃষক মুক্তি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে।

সংগঠন দুটাৰ প্ৰতিবাদৰ সময়তে অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়৷ ভাতকুছিত পথ অৱৰোধ কাৰ্যসূচী গ্ৰহন কৰি প্ৰতিবাদ সাব্যস্ত কৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলাৰ দহ জন নেতা-কৰ্মীক আটক কৰে আৰক্ষীয়ে৷

অখিল গগৈৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনোৱা কৃষকমুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলা সমিতিৰ যুটীয়া সম্পাদক নাজিমূল হক, সাংগঠনিক সম্পাদক আবু ছুফিয়ান সহ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ দহজন নেতা কৰ্মীক বৰপেটা আৰক্ষীয়ে আটক কৰি পাছত এৰি দিয়ে বুলি জানিব পৰা গৈছে৷

আনফালে সংগঠন দুটাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাত পথটোত বহু সময় ধৰি যাতায়ত ব্যহত হৈ তীব্ৰ যান-জঁটৰ সৃষ্টি হয়৷