16
Sep
2017

মোৰাঝাৰঃ অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্থানীয় সমিতিৰ উদ্যোগত হোজাইৰ মোৰাঝাৰ বজাৰত আজি সন্ধিয়াৰ সময়ত জোৰ লৈ সমদল কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদৰ সময়ত BJP-RSS মুৰ্দাবাদ ধ্বনিয়ে কঁপাই তোলে মোৰাঝাৰৰ ৰাজপথ।
সৰ্বাৰ চৰকাৰে ৰাজ্য খনত ফেচীবাদী শাসন চলোৱা বুলি অভিযোগ তুলিছে একাংশ সমৰ্থকে যাৰ বাবে বিনা কাৰণত অখিল গগৈক গ্ৰেপ্তাৰ কৰা হ’ল।
আনহাতে মোৰাঝাৰত কেইবা শতাধিক লোকে বিনা চৰ্তে অখিলক মুক্তি দিয়াৰ দাবী জনাই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে৷ অন্যথা ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠনটোৱে৷