শিৱসাগৰঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত উত্তাল হৈ আছে সমগ্ৰ ৰাজ্য। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ নেতৃত্বত শিৱসাগৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰা হয়৷

প্ৰতিবাদকাৰীসকলে শিৱসাগৰ ৰেল ষ্টেচনৰ পৰা সমদল উলিয়াই পাছত জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰে। বিজেপি মুৰ্দাবাদ, আৰ এছ এছ মুৰ্দাবাদ, আৰ এছ এছৰ অস্ত্ৰ প্ৰশিক্ষণ বন্ধ হ’ব লাগিবই, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে শিৱসাগৰ নগৰৰ আকাশ বতাহ উত্তাল কৰি তোলে৷