কাকাপথাৰঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত আজি বিভিন্ন জাতীয় দল সংগঠনৰ যৌথ উদ্যোগত বৃহত্তৰ খিলঞ্জীয়া সুৰক্ষাৰ প্ৰতিবাদত এক বিশাল জোঁৰ সমদল বাহিৰ কৰা হয়৷ সমদলটোত নেতৃত্ব বহন কৰে আলফা আলোচনা পন্থী নেতা জীতেন দত্তই৷ আজি কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা কাকপথাৰ আঞ্চলিক সমিতি, জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ কাকপথাৰ আঞ্চলিক সমিতিকে প্ৰমুখ্য কৰি বিভিন্ন সংগঠনৰ নেতৃবৃন্দৰ লগতে সহশ্ৰাধিক জনসাধাৰণ স্বতঃস্ফুৰ্তভাৱে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে৷

প্ৰতিবাদী সকলে অসমত অনা অসমীয়াৰ দাদাগিৰি নচলিব, অসমত খিলঞ্জীয়া সুৰক্ষা নিশ্চিত কৰক, অসম চৰকাৰ হুচিয়াৰ আদি কৰি আদি বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷ সমদলকাৰী দলটোৰ কাকপথাৰ থানা চাৰিআলিত ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত হোৱা প্ৰতিবাদী সভাত আলোচনাপন্থী আলফা নেতা জীতেন দত্তই কয় যে এই খন ৰাঘৱ মৰাণ, লাচিতৰ দেশ, ইয়াত আহ ঐ আহ ওলাই আহ কৈ প্ৰতিবাদ কৰাতকৈ ৰাষ্ট্ৰৰ বিৰুদ্ধে সাহসেৰে যুজিবলৈ শিকাইছে৷

অসম চুক্তিৰ হোৱাৰ পাছৰে পৰাই আমি কিমানজনক আমাৰ অসমত আমাৰ সুৰক্ষাৰ কাৰণে অসমৰ ভাগ্য বিধাতা পাতিলো, কিন্তু প্ৰতিজনেই আমাক প্ৰতাৰণা কৰি আহিছে৷ সৰ্বানন্দ সোনোৱালে শপত গ্ৰহণ কৰিয়েই হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়াৰ কথা ঘোষণা কৰিলে৷ চৰকাৰে জাতিটোক নিঃশেষ কৰাৰ বাবে বিভিন্ন ষড়়যন্ত্ৰত নামি পৰিছে৷ যাৰ বাবে আজি অসমবাসী ৰাইজ খণ্ড বিখণ্ড হৈ পৰিছে৷

আলফা নেতা গৰাকীয়ে ক্ষোভেৰে কয় যে চৰকাৰৰ পূৰ্ণ সমৰ্থন পোৱাৰ বাবেই আজি কোনো বাংলাদেশীয়ে ভূপেন হাজৰিকাৰ ফটো ফালিব পাৰে, প্ৰশাসনৰ সন্মুখতে অসমীয়াৰ ওপৰত হাত উঠাব পাৰে, শ্বহীদ বেদী ভাঙিব পাৰে৷ লগতে তেখেতে কয় যে এইবোৰৰ প্ৰতিবাদত যদি কোনোৱে মাত মাতে তেওঁৰ ওপৰত থানাত এজাহাৰ দিব পাৰে এজন অনা অসমীয়াই৷ এইয়াই আমাৰ চৰকাৰৰ দেশপ্ৰেম৷

তেখেতে কয় যে তেখেতে কোনোদিন ৰাজনীতিত খোজ নিদিয়ে৷ যিদিনাই অসমীয়া জাতিটো এক হ’ব সেইদিনাই আকৌ শৰাইঘাটৰ ৰণ হ’ব৷ সেই উদ্দেশ্য আগত ৰাখিয়েই অহা ২৩ ছেপ্তেম্বৰত যোৰহাটত আয়োজন কৰা এক সমাৱেশলৈ সকলোকে আমন্ত্ৰণ জনায়৷ যিজনে নিজকে অসমীয়া বুলি ভাৱে আৰু যিয়ে নিজকে অসমীয়াৰ অহিত চিন্তা কৰা সকলৰ বিপৰীতে মাত মাতিবলৈ কুণ্ঠাবোধ নকৰে সেইসকল ব্যক্তিয়েহে জাতিটোৰ ৰক্ষাৰ কাৰণে কৰিব পাৰিব বুলি মন্তব্য কৰাৰ লগতে আগবাঢি় আহিবলৈ আহ্বান জনায় জীতেন দত্তই৷ প্ৰতিবাদী সভাত বিভিন্ন সংগঠনৰ নেতৃবৃন্দইও ভাষন আগবঢ়ায়৷