ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাত আজি টাই আহোম যুৱ পৰিষদৰ বগীবিল আঞ্চলিক সমিতিখনে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷ লেহেমীয়া গতিত নিৰ্মাণ কাৰ্য চলি থকা বগীবিল দলঙখনৰ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ সমিতিখনে দাবী উত্থাপন কৰে৷

তদুপৰি দলংখনৰ নাম আহোম ৰজা স্বৰ্গদেউ চুকাফা সেতু হিচাপে নামাকৰণ কৰিবলৈকো দাবী জনায় সমিতিখনে৷

ইয়াৰ উপৰিও টাই আহোম জনগোষ্ঠীক জনজাতি কৰণৰ দাবী উত্থাপন কৰি আজি টাই আহোম যুৱ পৰিষদৰ বগীবিল আঞ্চলিক সমিতিখনে আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। 

সমিতিখনৰ প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক সহ কেন্দ্ৰীয় বিষয়ববীয়া সকল উপস্থিত থাকে।