
গুৱাহাটীঃ চিলাৰায় তথা শুক্লধ্বজ অসমৰ ইতিহাসৰ পাট লুটিয়াই চালে এদৰাকী সুদক্ষ সেনাপতি বুলি জনা যায়। কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহৰ পুত্ৰ আছিল চিলাৰায়। তেওঁ চিলাৰ দৰে চোঁ মাৰি ৰণ কৰিছিল যাৰ বাবে চিলাৰায় বুলি খ্যাতি লাভ কৰে৷
তেও কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰো সাধন কৰিছিল৷ চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল, সেই কাৰণে তেওঁক লোকে চিলাৰায় দেৱান বুলিছিল। বীৰ চিলাৰায়ৰ পাৰদৰ্শিতাৰ ফলত কোঁচ সৈন্যই ভূটীয়া, কছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰি নিজৰ শক্তিৰ পৰিচয় দি আহিছিল।
১৫৭১ খৃষ্টাব্দত বাৰ চিলাৰায়ৰ মৃত্যু হয়৷ স্বাধীন ভাৰতৰ অসম চৰকাৰে বীৰগৰাকীৰ স্মৃতি ৰক্ষাৰ বাবে কামৰূপৰ আমিনগাঁৱত এখন উদ্যান স্থাপন কৰে৷ কিন্তু ৰাজ্যৰ প্ৰশাসনে উদ্যান খন তদাৰক নকৰাৰ ফলত বেদখলকাৰীৰ কবলত পৰা বুলি অভিযোগ উত্থাপন হৈ অহাৰ মাজতে আজি আমিনগাঁওস্থিত চিলাৰায় উদ্যান বেদখল মুক্ত কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যৰ কেইবাটাও সংগঠনে৷
উদ্যান খনৰ সন্মুখত সমবেত হৈ ৰাজ্যৰ কেইবাটাও দল-সংগঠনৰ নেতৃত্বই চৰকাৰক শীঘ্ৰে উদ্যান খন বেদখল মুক্ত কৰাৰ দাবী জনায়৷ সন্মিলিত কোচ ৰাজ পৰিয়াল আৰু আক্ৰাছুৱে আমিনগাঁৱৰ চিলাৰায় উদ্যানৰ সন্মুখত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷
প্ৰতিবাদী সভাত উপস্থিত থাকি অসমৰ জাতীয় বীৰ চিলাৰায় উদ্যান খন বেদখল মুক্ত কৰিবলৈ শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়৷ জাতি, মাটি, ভেটিৰ শ্ল’গান দিয়া ৰাজ্য চৰকাৰে চিলাৰায় উদ্যান খন বেদখল মুক্ত কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে কেইবাগৰাকী নেতাই।
আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰতিবাদী সভাত উপস্থিত থাকি আছুৱে এনে কাণ্ড সহ্য নকৰো বুলি স্পষ্ট কৰে। চিলাৰায়-নৰনাৰায়ণ অবিহনে অসমীয়া জাতি অসম্পূৰ্ণ। অসমৰ সকলো জনগোষ্ঠীৰ সৈতে আমি কান্ধত কান্ধ মিলাই আগুৱাই যাব লাগিব বুলি কয় সদৌ অসম ছাত্ৰ সন্থাই৷
শৰাইঘাটৰ যুদ্ধৰ কথা কৈ দিছপুৰৰ চৰকাৰ গঠন কৰা ৰাজ্য চৰকাৰে শৰাইঘাট দলঙৰ পৰা ৫০০ মিটাৰ নিলগত থকা বিশ্ববীৰ চিলাৰায় উদ্যানখন চৰকাৰী পৃষ্ঠপোষকতাত বেদখল হোৱা বুলি অভিযোগ কৰে শ্ৰীমন্ত শংকৰদেৱ যুৱ-মঞ্চৰ সাধাৰণ সম্পাদক অপূৰ্ব অধিকাৰীয়ে।আমিনগাঁৱত স্থাপন কৰা বিশ্বমহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিটোক জাতীয় স্তম্ভ বুলি মানি আহিছে আৰু অসমীয়া জাতিৰ পৃষ্ঠপোষক বিশ্বমহাবীৰ চিলাৰায়ক চূড়ান্ত অপমান কৰা বুলি অভিযোগ কৰে অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ শশধৰ অধিকাৰীয়ে।