
গোৰেশ্বৰঃ মত প্ৰকাশৰ স্বাধীনতাক ভু-লুণ্ঠিত কৰি ক্ৰমশঃ ফেচীবাদী শাসনৰ দিশে ধাৱমান শাসক চক্ৰৰ ৰাজনীতিৰ বিৰুদ্ধে তথা বিশিষ্ট সাংবাদিক গৌৰী লংকেশৰ হত্যাৰ প্ৰতিবাদে শনিবাৰে উত্তাল কৰিলে গোৰেশ্বৰ৷
প্ৰতিবাদী কাৰ্যসূচী অনুসৰি এছ এফ আই, ডি ৱাই এফ আই, কৃষক সভা আৰু নতুন সাহিত্য পৰিষদৰ যৌথ উদ্যোগত গোৰেশ্বৰ ৰেল গেটত এখন পথসভা অনুষ্ঠিত কৰা হয়। এছ এফ আই নেতা বিৰাজ ডেকাই আঁত ধৰা সভাখনত বিশিষ্টা কানাড়া সাংবাদিক গৌৰী লংকেশৰ হত্যাকাণ্ডক তীব্ৰ ভাষাৰে নিন্দা কৰি বক্তব্য ৰাখে ডি ৱাই এফ আই নেতা ভবেশ নাথ, কৃষক সভাৰ জিলা সম্পাদক কৰুণা ভূঞা আৰু বিশিষ্ট কবি-সাহিত্যিক তথা নতুন সাহিত্য পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক কমিটিৰ সভাপতি অজিত তালুকদাৰে।
লংকেশৰ দৰে গণতান্ত্ৰিক তথা প্ৰগতিশীল সাংবাদিক, সাহিত্যিক আৰু সাধাৰণ লোক সকলক আৰ এছ এছে যি কট্টোৰ সাম্প্ৰদায়িক নীতিৰে দমন কৰিব বিছাৰিছে তাক কঠোৰ ভাষাৰে সমালোচনা কৰে উপস্থিত সকলোৱে।
বিশিষ্ট কবি অজিত তালুকদাৰে অতি ক্ষোভেৰে কয় যে যিসকল লোকে এতিয়া বিজেপি চৰকাৰৰ বিভিন্ন জনবিৰোধী নীতিৰ সমালোচনা কৰিব তেওঁলোকেই আক্ৰমণৰ বলি হ’ব।
কৃষক নেতা কৰুণা ভূঞাই এই চৰকাৰক হিটলাৰৰ চৰকাৰৰ সৈতে তুলনা কৰি দেশত সৃষ্টি হোৱা অসহিষ্ণুতাৰ বিৰুদ্ধে জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো স্তৰৰ ৰাইজক ফেচীবাদী প্ৰৱণতাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে থিয় দিবলৈ আহ্বান জনায়।