বিশ্বনাথ চাৰিআলিঃ বিষয় দীনদয়াল৷ ৰাজ্যৰ একচত্ৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নুশুনে অসমীয়াৰ কথা৷ অসমীয়া জাতিৰ তামাম প্ৰতিবাদৰ পাছতো ৰাজ্যত স্থাপন হ’ল অসমীয়া ৰাইজে কাহানিও নাম নুশুনা দীনদয়াল উপাধ্যায়ৰ নামত কলেজ৷

মদগৰ্বী শিক্ষামন্ত্ৰীগৰাকীয়ে কেন্দ্ৰ চৰকাৰক ভালৰি লগাবলৈ গৈ ইতিমধ্যেই সিদিনা বঙাইগাঁও জিলাৰ অভয়াপুৰীত উদ্বোধন কৰিলে ৰাজ্যৰ প্ৰথমখন পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়৷ তাৰ পাছতেই আজি বিশ্বনাথ জিলাৰ ৰতোৱাত স্থাপন কৰা দীনদয়াল উপাধ্যায় মহাবিদ্যালয় খনৰ আনুষ্ঠানিক মুকলি কৰাৰ প্ৰাক মুহূৰ্তত জিলাখনত প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷

আজি ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকী ৰতোৱাত আহি থকা বাটতে বিশ্বনাথ আছুৰ শতাধিক নেতা কৰ্মীয়ে হাতে হাতে কলা পতাকা দেখুৱাই মন্ত্ৰী গৰাকীক প্ৰতিবাদ জনায়। এইফালে ৰতোৱাতো বিভিন্ন দল-সংগঠনেও হাতে হাতে কলা পতাকা লৈ জিলাখনৰ বিভিন্ন অঞ্চলত প্ৰতিবাদ সাব্যস্ত কৰে৷ বিহালী আৰক্ষীয়ে ছাত্ৰ মুক্তিৰ কেইবাজনো নেতা কৰ্মীক প্ৰতিবাদ কৰাৰ পূৰ্বেই আটক কৰিছে।

সমগ্ৰ বিশ্বনাথ জিলাতে প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কটকটিয়া কৰি তুলিছে।