শুক্লাইঃ গোৰ্খালেণ্ডৰ দাবীত পশ্চিমবংগৰ দাৰ্জিলিং উত্তপ্ত হৈ হৈ থকাৰ সময়তে এইবাৰ গোৰ্খালেণ্ডৰ সমৰ্থনত উত্তপ্ত হোৱাৰ দিশে অসম।

আজি ওডালগুৰিৰ শুক্লাইত ডিমাকুছি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাই এক সংবাদ মেল যোগে কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিমবংগ চৰকাৰক শীঘ্ৰে গোৰ্খালেণ্ডৰ সমস্যা সমাধান কৰিবলৈ দাবী জনায়।

অন্যথা ভাৰতবৰ্ষৰ ডেৰ কোটি গোৰ্খা ৰাজপথলৈ ওলাই অহাৰ হুংকাৰ প্ৰদান কৰে। গোৰ্খালেণ্ডৰ দাবীত ৰাজপথলৈ ওলাই অহা নীৰিহক মমতা বেনাৰ্জী চৰকাৰে নৃশংসভাৱে হত্যা কৰা কাৰ্য্য কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি আগছুই ইয়াৰ বিৰুদ্ধে আন্দোলনত নমাৰ হুংকাৰ প্ৰদান কৰে।

সংবাদ মেলৰ মাজতে সংগঠনটোৱে হাতে হাতে ফেষ্টুন লৈ মমতা বেনাৰ্জী গ’বেক, জয় গোৰ্খা, গোৰ্খালেণ্ড গঠন কৰক ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে। আনহাতে গোৰ্খালেণ্ডৰ দাবীত ৰাজপথলৈ ওলাই আহি মৃত্যুক আকোৱালি লোৱা লোকসকলক শ্ৰদ্ধাঞ্জলি জনাই ছাত্ৰ সংগঠটোৱে সন্ধিয়া গোৰ্খা ভৱনৰ সন্মুখত শতাধিক বন্তি প্ৰজ্বলন কৰে।