
নগাঁও টাউনঃ দেশত মূল্য বৃদ্ধি ঘনে ঘনে বৃদ্ধি পাইছে যদিও এইবাৰ আকৌ পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাত সকলোৱে অসুবিধাৰ সন্মুখীন হৈছে।
তাৰ পৰিপ্ৰেক্ষিতত আজি নগাঁও জিলাৰ যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সমিতিয়ে আজি নগাঁও চহৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলাৰ সমিতিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া, যুৱ ছাত্ৰ পৰিষদৰ নগৰ সমিতিৰ সভাপতি মনোজ সিংহা ৰাজা আৰু যুৱ ছাত্ৰ পৰিষদৰ সদস্যসকল।
এই প্ৰতিবাদী কাৰ্যসূচীত পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিকৃতি দাহ কৰাৰ লগতে প্ৰতিবাদী বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে নগাঁও চহৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।
আনহাতে অনাগত সময়ত মূল্য বৃদ্ধি হ্ৰাস নকৰিলে নগাঁও জিলাৰ যুৱ ছাত্ৰ পৰিষদে জংগী আন্দোলনৰ কাৰ্য্যসূচী হাতত ল'ব বুলি আমাক জানিবলৈ দিয়ে।