নগাঁওঃ আজি নগাঁও চহৰৰ মাজমজিয়াত অসম গণ পৰিষদ আৰু অসম যুৱ পৰিষদে এক অৱস্থান ধৰ্মঘটৰ কাৰ্য্যসূচী ৰূপায়ন কৰে। এই ধৰ্মঘট কাৰ্য্যসূচীত প্ৰাক্তন বিধায়ক গিৰিন্দ্ৰ কুমাৰ বৰুৱাকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তিয়ে ইয়াত অংশ লয়।

বৰ্তমান নগাঁও তথা অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শান্তি-সম্প্ৰতি অটুট ৰখা, হিন্দু-বাংলাদেশীৰ ক্ষেত্ৰত প্ৰস্তাৱিত নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা, অসম চুক্তি আখৰে আখৰে পালন কৰা দাবীৰে অৱস্থান ধৰ্মঘট পালন কৰে দুই সংগঠনে৷

খিলঞ্জীয়া অসমীয়াৰ সকলো ক্ষেত্ৰতে নিৰাপত্তা নিশ্চিত আৰু নিবনুৱা যুৱক-যুৱতী সকলক এশ শতাংশ নিয়োগৰ ব্যৱস্থা কৰাৰ দাবীত সংগঠন দুটাই প্ৰতিবাদ সাব্যস্ত কৰে৷ ২২ আগষ্ট তাৰিখৰ নগাঁও কাণ্ডৰ মূল অভিযুক্ত সকলক কঠোৰ শাস্তি প্ৰদান আৰু খিলঞ্জীয়া অসমীয়াৰ ভাষা সাহিত্য, সংস্কৃতি-ভূমি-সম্পদ, ৰাজনৈতিক, অৰ্থনৈতিক অধিকাৰ ৰক্ষাৰ বাবে বিশেষ আইন প্ৰণয়ন কৰাৰ বাবেও দাবী উতিথাপন কৰে সংগঠন দুটাই৷

অানহাতে এই ধৰ্মঘট কাৰ্য্যসূচীৰ শেষত মুখ্যমন্ত্ৰীলৈ নগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে এখনি স্মাৰক পত্ৰও প্ৰেৰণ কৰে।