20
Sep
2017

চাবুৱাঃ নগাঁও জিলাৰ জুৰীয়াত একাংশ দুস্কৃতিকাৰীয়ে প্ৰতিবাদৰ নামত অসমীয়া জাতিৰ স্বাভিমান স্বৰূপ গামোচা জ্বলাই দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে। আজি সন্ধিয়া চাবুৱাৰ চাৰিআলিত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ চাবুৱা আঞ্চলিক সমিতিয়ে বিধায়ক নুৰুল হুদাৰ প্ৰতিমূৰ্ত্তি দাহ কৰি অসমীয়া জিন্দাবাদ ধ্বনিৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে।
প্ৰতিবাদকাৰী সকলে অসমীয়া জাতিৰ স্বাভিমান গামোচা জ্বলোৱা ঘটনাৰ লগত জড়িত থকা লোকক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ বাবে দাবী জনায়। অসমীয়াৰ সন্মান গামোচাক ৰাজহুৱাকৈ দাহ কৰি উল্লাস কৰা দুস্কৃতিকাৰীসকল অসমীয়া জাতিৰ বিৰোধী বুলিও উল্লেখ কৰে সংগঠনটোৱে।
এনে ঘৃণনীয় কাণ্ডৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় সংগঠনটোৱে।