ধুবুৰীঃ নগাঁও কাণ্ডৰ প্ৰতিক্ৰিয়া সমগ্ৰ ৰাজ্যজুৰি চলি থকাৰ মাজতে ধুবুৰী জিলাৰ গৌৰীপুৰতো নগাঁও কাণ্ডৰ প্ৰতিবাদ কাৰ্যসূচী পালন কৰা হয়৷ গৌৰীপুৰৰ মহামায়া খেলপথাৰত প্ৰতিবাদ সাব্যস্ত কৰিলে ধুবুৰী জিলাৰ বিভিন্ন জাতীয় দল-সংগঠনে৷

সদৌ অসম ধুবুৰী জিলা সন্মিলিত নাগৰিকৰ লগতে বিভিন্ন দল-সংগঠনৰ সহযোগত নগাঁওত সংঘটিত কাণ্ডৰ প্ৰতিবাদত গৌৰীপুৰ মহামায়া খেলপথাৰত আজি দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা দেখা গ’ল৷

উল্লেখ্য যে, যোৱা ২২ আগষ্টত নগাঁও জিলাৰ পানীগাওঁ চাৰি আলিৰ মেছাৰ্ছ দাস এজেন্সীৰ স্বত্বাধিকাৰীৰ সৈতে প্ৰাক্তন আলফাৰ এটাৰ কেইবাজনীয়া দলে নম্ৰভাৱে আলাপ আলোচনা চলাই থকাৰ মাজতে বিনাদোষে নিৰ্মমভাৱে মাৰপিট কৰি অত্যাচাৰ কৰা হৈছিল৷

ফলত মুন বৰাক পৰিকল্পিতভাৱে মাৰপিট কৰি গুৰুতৰ আহত কৰে৷ সেয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে গৌৰীপুৰত মুন বৰাৰ অত্যাচাৰৰ বিচাৰৰ দাবীত বিভিন্ন জাতীয় সংগঠন সমুহে একত্ৰিত হৈ বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিৱেশ সৃষ্টি কৰা পৰিলক্ষিত হৈছে৷ 

প্ৰতিবাদকাৰীয়ে ইয়াৰে মুন বৰাক মাৰপিট কৰা অপৰাধীক অতি শীঘ্ৰেই আটক কৰি কঠোৰ শাস্তিৰ দাবীৰে দুঘন্টীয়া আন্দোলনৰ পিছত ধুবুৰী জিলা উপায়ুক্তৰ যোগেদি মাননীয় মূখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷