তুলসীবাৰীঃ নগাঁৱত বান পীড়িতৰ বাবে সাহায্য সংগ্ৰহ কৰিবলৈ যোৱা অসমীয়া যুৱকক অনা অসমীয়া ব্যবসায়ীয়ে পৰিকল্পিত ভাবে কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহনা দিছে কলিতা জনগোষ্ঠী সন্মিলনে৷

সংগঠনটোৰ সম্পাদক ভূপেন কলিতাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিৰ জৰিয়তে কয় যে সৰ্বত্ৰ জোকাৰি যোৱা চিলাপথাৰ কাণ্ডৰ পৰাই একাংশ অনা অসমীয়াই জোৰ-জুলুম আৰু ভাবুকি প্ৰদান কৰি আহিছে৷

কেন্দ্ৰীয় চৰকাৰে হিন্দু বাংলাদেশীক সংস্থাপনৰ যি পৰিকল্পনা যুগুত কৰিছে তাক কোনো কালেই বাস্তবায়িত হবলৈ নিদিয়ে বুলি উল্লেখ কৰি বৰ্তমানৰ ৰাজ্য চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাৰ সুযোগত একাংশই জাতীয়তাবাদৰ পৰিবৰ্তে ৰাষ্টীয়বাদী চিন্তাক প্ৰকাশ কৰিবলৈ হিন্দুত্ববাদৰ দোহাই দি সাতামপুৰুষীয়া ভাতৃত্ববোধৰ ভাঙোন অনাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে কলিতাই৷

এনে এক প্ৰেক্ষাপটত কলিতা জনগোষ্ঠী সন্মিলনে নগাঁও কাণ্ডত জড়িত সকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়. আনহাতে খিলঞ্জীয়াৰ ওপৰত কৰা আক্ৰমণ কোনো কাৰণতে সহ্য নকৰাৰ হুংকাৰ দি এনে ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈকে চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ বাবেও আহ্বান জনায়৷