চৰাইদেউঃ শেহতীয়াকৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত আজি সোণাৰি প্ৰেছ ক্লাবৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়৷

দিনৰ বাৰ বজাৰপৰা সোণাৰিৰ ভজো চাৰিআলিত সোণাৰি প্ৰেছ ক্লাবে গ্ৰহণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে৷ এই ধৰ্মঘট কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি মানিক গগৈ, টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি লোহিত গগৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ নেতা ৰবিজিত বৰুৱাৰ লগতে দল সংগঠনৰ নেতা কৰ্মী আৰু সোণাৰি প্ৰেছ ক্লাবৰ সাংবাদিকসকল উপস্থিত থাকে৷