21
Sep
2017

Reporters
তেজপুৰঃ দেশত গৈৰী লংকেশৰ হত্যাৰ পাছতেই পুনৰ হত্যাৰ বলি হ’ল সাংবাদিক৷ শাৰিৰীক ভাৱে নিৰ্যাতন কৰি হত্যা কৰা টিভি সাংবাদিক শান্তনু ভৌমিকৰ হত্যাকাণ্ডৰ পাছতেই প্ৰতিবাদত জ্বলিছে সমগ্ৰ দেশ৷ সাংবাদিকৰ সুৰক্ষাৰ দাবীত এতিয়া অসমতো সংবাদমাধ্যমৰ সতে জড়িত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে৷
আজি শান্তনু ভৌমিকৰ হত্যাৰ লগতে সাংবাদিকৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে আজুৰ লগতে শোনিতপুৰ জিলা সাংবাদিক সন্থা, শোনিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ লগতে তেজপুৰ সাংবাদিক সন্থাই৷