চাবুৱাঃ ডিব্ৰুগড় জিলাৰ লাহোৱাল বিধানসভা সমষ্টিৰ বিধ্বস্ত বাট-পথে জনসাধাৰণক যাতায়তৰ ক্ষেত্ৰত বছৰ বছৰ ধৰি জীয়াতু ভোগাই আহিছে। সমষ্টিটোৰ অধিকাংশ বাট-পথৰ উন্নয়ণৰ বিপৰীতে দীৰ্ঘ সময় ধৰি বিসম্বাদৰ ৰাজনীতিৰে অসমৰ পৰিবেশ উত্তাল কৰি ৰাখিছে।

কংগ্ৰেছৰ শাসনৰ প্ৰতি জনসাধাৰণ অতিষ্ঠ হৈ বিকল্প হিচাপে ক্ষমতাত অধিষ্ঠিত কৰালে বিজেপি দলক। ডেৰটা বছৰ উকলি গ’ল। পৰিৱৰ্তন নহ’ল বাট-পথৰ সমস্যা। লাহোৱাল সমষ্টিৰ অধীনস্থ হেজেলবেংকৰ পৰা থানাই সংযোগী গুৰুত্বপূৰ্ণ এই গড়কাপ্তানী পথটো মেৰামতি কৰাৰ দাবীত ৭ জুন তাৰিখে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু ৰহমৰীয়াবাসী ৰাইজে একগোট হৈ ৰাজপথত প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল।

প্ৰতিবাদস্থলীতেই ৰাইজৰ প্ৰতিবাদত সেওঁ মানি ডিব্ৰুগড় জিলাৰ কাৰ্যবাহী অভিযন্ত্ৰা ৰাজীৱ লাহনে ১০ দিনৰ ভিতৰত পথটোত সৃস্থি হোৱা দ-দ পুখুৰীসদৃশ গাত সমূহ পুটি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি দিছিল যদিওঁ ২ মাহ অতিক্ৰম কৰাৰ পাছতো পথটোৰ এটাও গাত পোত নোখোৱাত মঙলবাৰৰ পৰা পুনৰ কৃষক মুক্তি সংগ্ৰাম সমিতি, মটক যুৱ-ছাত্ৰ পৰিষদ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নাদুৱা চাইডিংত গড়কাপ্তানী বিভাগৰ বিষয়াই ৰাইজক দিয়া ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে আমৰণ অনশনত বহে।

আজি সংগঠনকেইটাৰ প্ৰতিবাদত সেওঁ মানি গড়কাপ্তানী বিভাগে পথটোৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। লগতে ডিব্ৰুগড় জিলাৰ সহঃ কাৰ্যবাহী অভিযন্তা ভূপেন্দ্ৰ কুমাৰ তালুকদাৰে অনশন স্থলিত উপস্থিত হৈ অহা ৭ দিনৰ ভিতৰত কাম সম্পূৰ্ণ কৰাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰে। অনশনস্থলিত আটছা, বীৰ লাচিত সেনাৰ লগতে ভালেকেইটা দল-সংগঠনে সহযোগ কৰে।