নগাঁওঃ নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ বেবেজীয়া সমীপৰ শেতালীত শুকুৰবাৰে পুৱাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বৃহত্তৰ শেতালী অঞ্চলৰ মাজেৰে যোৱা বিধ্বস্ত গড়কাপ্তানী পথৰ মেৰামতিৰ দাবীত শতাধিক মহিলাই জংগী প্ৰতিবাদ সাব্যস্ত কৰাত সৃষ্টি হয় এই পৰিবেশ ৷

যুদ্ধংদেহী মনোভাবেৰে ওলাই অহা প্ৰতিবাদী মহিলাসকলৰ একাংশই প্ৰথমেই হাতে হাতে জাকৈ,পল,জাল আদি লৈ জৰাজীৰ্ণ বোকাময় পথটোৰ পুখুৰী সদৃশ বৃহৎ বৃহৎ গাতবোৰত প্ৰতীকীৰূপত মাছ মৰাৰ বিপৰীতে আন একাংশই পথটোৰ পথাৰ সদৃশ বোকাময় অংশত কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে৷

ইয়াৰ পিছতেই প্ৰতিবাদী মহিলাসকলে পথটোত বাঁহ বান্ধি পথটো বিভাগীয় কৰ্তৃপক্ষই মেৰামতি নকৰা পৰ্যন্ত অনিৰ্দ্দিষ্টকালীন পথ বন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে অসম চৰকাৰ হায় হায়, গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস গ’ বেক আদি ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে৷

তদুপৰি প্ৰতিবাদকাৰী মহিলাসকলে স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ প্ৰতিমূৰ্তিও দাহ কৰে৷ এনেদৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচীৰে মহিলাসকলে শেতালীৰ আকাশ-বতাহ কপাঁই তোলাৰ খবৰ পাই সেই স্থানত ৰহা ৰাজহ চক্ৰৰ বিষয়াগৰাকী উপস্থিত হৈ অহা দুদিনৰ ভিতৰত বিধ্বস্ত পথছোৱা মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিয়াতহে প্ৰতিবাদকাৰী মহিলাসকলে প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰাৰ লগতে বন্ধ কৰি ৰখা পথটো মুকলি কৰি দিয়ে৷

উল্লেখ্য, ডিমৌ-ৰাইদঙীয়া সংযোগী অতি ব্যস্ততাপূৰ্ণ গড়কাপ্তানী পথটোৰ শেতালীৰ মাজেৰে যোৱা অংশ চোৱা বিভাগীয় কৰ্তৃপক্ষৰ চৰম অমনোযোগিতা আৰু আওকণীয়া মনোভাবৰ বাবেই বৰ্তমান যাতায়াতৰ একেবাৰে অনুপযোগী হৈ পৰিছে৷

প্ৰয়োজনীয় মেৰামতিৰ অভাৱত এতিয়া বৰষুণৰ বতৰত বিপদজ্জনক হৈ পৰা এই পথছোৱাত পুখুৰী সদৃশ দ দ গাঁতৰ সৃষ্টি হোৱাৰ লগতে পিছল আৰু বোকাময় হৈ পৰাত ৰাইজে যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে৷ আনকি জৰাজীৰ্ণ পথছোৱাত নিতৌ সংঘটিত হৈ আহিছে সৰু-বৰ দুৰ্ঘটনা৷

কিন্তু পথছোৱাৰ এনে দুৰাৱস্থাৰ কথা স্থানীয় বিধায়ক ডিম্বেশ্বৰ দাসৰ লগতে বিভাগীয় কৰ্তৃপক্ষকো বহুবাৰ ৰাইজে অৱগত কৰি অহাৰ পিছতো মেৰামতিৰ বাবে কোনো পদক্ষেপ নোলোৱাত স্থানীয় ৰাইজ ক্ষোভিত কৰি তোলে৷

কাজেই,স্থানীয় বিধায়ক আৰু সংশ্লিষ্ট কৰ্তৃপক্ষৰ গুৰুত্বহীনতাৰ ফলতেই প্ৰতিবাদমুখৰ হৈ পৰা ক্ষোভিত ৰাইজে বৃহস্পতিবাৰে বিয়লি পথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও পিছত আৰক্ষীয়ে অৰ্ধ-সামৰিক বাহিনীৰ সহযোগত আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছিল৷

কিন্তু বৃহস্পতিবাৰে প্ৰতিবাদৰ পিছতো জিলা প্ৰশাসনে ৰাইজৰ প্ৰতিবাদৰ কথাত অলপো গুৰুত্ব নিদিয়াত পুনৰ শুকুৰবাৰে এইদৰে বিভিন্ন প্ৰকাৰে ক্ষোভিত মহিলাসকলে জংগীৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয়৷

পিছে ৰহা ৰাজহ চক্ৰৰ বিষয়াই প্ৰতিবাদী ৰাইজক দিয়া আশ্বাস অহা দুদিনত পূৰণ কৰিবলৈ সক্ষম হ’বনে নাই সেয়াহে লক্ষণীয় বিষয় হৈ পৰিছে৷