চাবুৱাঃ এটি পথ৷ যোৱা ১৬ বছৰে মাটি এচপৰাও পৰা নাই পথটোত৷ কিন্তু ৭ জুলাইত অভিযন্তাই কথা দিছিল ১০ দিনৰ ভিতৰত মেৰামতি কৰা হ’ব পথটো। লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত হেজেল বেংক চাৰিআলি-বালিজান গড়কাপ্তানী পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ হৈ পৰে৷

যোৱা ৭ জুলাইত পথটো মেৰামতিৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত নাদুৱা চাইডিঙত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৱে লাহোৱাল সমষ্টিৰ বিধায়ক হায় হায়, পথ নিৰ্মাণত ৰাজনীতি কৰা বন্ধ কৰক, হেজেল বেংকৰ পৰা থানাই সংযোগী গড়কাপ্তানী পথ মেৰামতি কৰক আদি শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰিছিল।

প্ৰতিবাদীৰ ৰুদ্ৰ মূৰ্তি দেখি প্ৰতিবাদস্থলীত ততাতৈয়াকৈ চাবুৱাৰ ৰাজহ চক্ৰ বিষয়াক লগতে গড়কাপ্তানী বিভাগৰ ডিব্ৰুগড় জিলাৰ কাৰ্যবাহী অভিযন্তা ৰাজীৱ লাহন উপস্থিত হয়৷ প্ৰতিবাদকাৰীসকলে গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত হোৱাৰ লগে লগে আগতকৈয়ো অধিক জোৰেৰে শ্ল’গান দিবলৈ আৰম্ভ কৰে৷ কিছু সময় পাছত অভিযন্তা ৰাজীৱ লাহনে পথটোৰ গাতসমূহ ১০ দিনৰ ভিতৰত মেৰামতি কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াতহে প্ৰতিবাদকাৰীসকল ক্ষান্ত হয়৷

কিন্তু পৰিতাপৰ বিষয় এই যে পথটো আজিলৈ মেৰামতি ন’হল৷ দ’ গাঁতসমূহ পুতি দিয়াৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো আজিলৈকে প্ৰতিশ্ৰুতি পালন কৰা দেখা পোৱা ন’গল৷ যাৰ ফলত ৰাইজ এতিয়া ক্ষোভিত হৈ পৰিছে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে গড়কাপ্তানী বিভাগক ১৫ আগষ্টৰ ভিতৰত প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী জনাইছে৷