দিচাংমুখঃ মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে শিৱসাগৰৰ বাট-পথ৷ দীৰ্ঘদিনধৰি ৰাইজে বাট পথ সমূহ মেৰামতি কৰি যাতায়াতৰ বাবে উপযোগী কৰিবলৈ দাবী জনায় আহিছে যদিও গড়কাপ্তানী বিভাগে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

তাৰ মাজতে আজি শিৱসাগৰ-নজিৰা সংযোগী পথ শীঘ্ৰে মেৰামতিৰ দাবীত সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ শিৱসাগৰ সমিতিয়ে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ তিৰী-মুনিহ ৰাজপথলৈ ওলাই আহি পথৰ প্ৰকাণ্ড গাতত জাকৈ মাৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

কিণকিণিয়া বৰষুণকো নেওচি হাতত ছাতি লৈ পথ অৱৰোধ কৰে ৰাইজে৷ স্থানীয় বিধায়ক তথা ৰাজ্যৰ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ কপাই তোলে প্ৰতিবাদকাৰীয়ে৷