
চাবুৱাঃ অতি গুৰুত্বপূৰ্ণ এটি গড়কাপ্তানী পথ৷ যোৱা ২০ বছৰে মাটি এচপৰাও পৰা নাই এই পথটোত৷ কিন্তু যোৱা ৭ জুলাইত অভিযন্তাই কথা দিলে ১০ দিনৰ ভিতৰত মেৰামতি কৰা হ’ব পথটো। উজনি অসমৰ লাহোৱাল বিধানসভা সমষ্টিৰ অন্তৰ্গত হেজেল বেংক চাৰিআলি-বালিজান গড়কাপ্তানী পথটো বছৰ বছৰ ধৰি মেৰামতি নকৰাত জৰাজীৰ্ণ পথটো মেৰামতি কৰাৰ দাবীত যোৱা ৭ জুলাইত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিয়ে ৰাইজৰ সহযোগত নাদুৱা চাইডিঙত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল।
সংগঠনটোৱে লাহোৱাল সমষ্টিৰ বিধায়ক হায় হায়, পথ নিৰ্মাণত ৰাজনীতি কৰা বন্ধ কৰক, হেজেল বেংকৰ পৰা থানাই সংযোগী গড়কাপ্তানী পথ মেৰামতি কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদীৰ ৰুদ্ৰৰূপ দেখি প্ৰতিবাদস্থলীত ততাতৈয়াকৈ চাবুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ লগতে গড়কাপ্তানী বিভাগৰ ডিব্ৰুগড় জিলাৰ কাৰ্যবাহী অভিযন্তা ৰাজীৱ লাহন উপস্থিত হয়৷ প্ৰতিবাদকাৰীসকলে গড়কাপ্তানী বিভাগৰ কাৰ্যবাহী অভিযন্তা উপস্থিত হোৱাৰ লগে লগে আগতকৈয়ো অধিক জোৰেৰে শ্ল’গান দিবলৈ আৰম্ভ কৰে৷
কিছু সময় পাছত অভিযন্তা ৰাজীৱ লাহনে পথটোৰ দ-দ পুখুৰীসদৃশ গাত সমূহ ১০ দিনৰ ভিতৰত মেৰামতি কৰিব বুলি লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰাত হে প্ৰতিবাদকাৰীসকল ক্ষান্ত হয়৷ অভিযন্তা ৰাজীৱ লাহনে ১০ দিনৰ ভিতৰত পথটো মেৰামতি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও দুমাহ পাৰ হ’বৰ হ’ল, কিন্তু পথটো আজিলৈ মেৰামতি নিৰ্মাণ নকৰি কেই গাড়ীমান শিল পেলাই গড়কাপ্তানী বিভাগে দায়িত্ব সামৰে৷ যাৰ ফলত পুনৰ গৰজি উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু মটক যুৱ-ছাত্ৰ পৰিষদ।
সংগঠনকেইটাই গড়কাপ্তানী বিভাগক এই ভেকোভাওঁনা বন্ধ কৰি অভিযন্তাগৰাকীয়ে ৰাইজক দিয়া লিখিত প্ৰতিশ্ৰুতি ৪৮ ঘন্টাৰ ভিতৰত পূৰণ কৰিবলৈ দাবী জনাইছিল৷ তাৰ পাছতো গড়কাপ্তানী বিভাগে কোনো পদক্ষেপ হাতত নোলোৱাত আজিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আমৰণ অনশন কাৰ্যসূচী হাতত লৈছে সংগঠনকেইটাই।
ইপিনে এই অনশনৰ কাৰ্যসূচীত প্ৰশাসনৰ ফালৰ পৰা অকনো গুৰুত্ব প্ৰদান নকৰাত চৰকাৰৰ খনৰ প্ৰকৃত স্বৰুপটো উলাই পৰিছে বুলি সংগঠনকেইটাই ক্ষোভ প্ৰকাশ কৰে৷ বুধবাৰৰ ভিতৰত যদি চৰকাৰ বা বিভাগীয় বিষয়াসকলে একো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগন্তক সময়ত ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হবলৈ প্ৰশাসনক সাজু থাকিবলৈ সকিয়াই দিয়ে সংগঠনৰ নেতৃবৰ্গই৷