
শিৱসাগৰঃ শিৱসাগৰ নগৰৰ পশ্চিম প্ৰান্তৰ মেটেকা বনগাঁও মৌজাৰ অধীনৰ ভাটী বনগাঁৱ সংযোগী একমাত্ৰ পথটো জাহ গৈছে দিখৌ নৈত৷ বছৰটোত একে লেথাৰিয়ে অহা ভয়াবহ বানে পথটোৰ এছেৱা চিঙি লৈ যোৱাত যাতায়তত অসুবিধাৰ সন্মুখীন হৈছে গাঁওবাসী৷ পথটো মেৰামতিৰ বাবে স্থানীয় দল-সংগঠন আৰু গাঁওবাসীয়ে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ আবেদন জনোৱাৰ পাছতো কৰ্তৃপক্ষই বাৰেপতি গা এৰা মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁওবাসীয়ে৷
ইফালে, বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্ব জ্ঞানহীনতাত জাঙুৰ খাই উঠিছে সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা। অাজি সংগঠনটোৱে শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট অাৰু বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি জিলা উপায়ুক্তক এখনি স্মাৰক পত্ৰ প্ৰদান কৰিছে।
স্মাৰক পত্ৰ যোগে অনুসূচিত জাতি অধ্যূষিত এলেকা হোৱা বাবেই অঞ্চলটোক জিলা প্ৰশাসন তথা স্থানীয় জনপ্ৰতিনিধিয়ে মাহীঅাইৰ দৃষ্টিৰে চাইছে বুলি অভিযোগ কৰে সংগঠনটোৱে। অনতি পলমে ভাটীবনগাঁও পথৰ মেৰামতি কৰি দিখৌ নৈৰ খহনীয় ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰকপত্ৰ যোগে দাবী জনায় সংগঠনটোৱে৷
লগতে দিখৌ নৈৰ সংহাৰী বানে উটুৱাই লৈ যোৱা দ্বিপনজ্যোতি দাসক মৃত ঘোষণা কৰি পৰিয়ালক চৰকাৰী সাহায্য প্ৰদান কৰিবলৈ চৰকাৰ অচৰত দাবী উত্থাপন কৰে অনুসুচিত জাতি ছাত্ৰ সন্থাই৷ অন্যথা সংগঠনটোৱে যিকোনো সময়ত জংগী অান্দোলন গঢ়ি তুলিব বুলি ভাবুকি প্ৰদান কৰে৷