
ধনশিৰিঃ হাতে হাতে জাল জুলুকি৷ কোনোবাই যদি জাল মাৰি মাছ ধৰিছে, কোনোৱে আকৌ হাতত খালৈ লৈ ৰৈ আছে মাছ বুটলিবলৈ৷ খোনোৱে আকৌ দূৰৰ পৰাই আঙুলি টোৱাই চিঞৰি উঠিছে সেইটো মাছ সেইটো মাছ বুলি৷ চাওতাই ৰৈ ৰৈ চাইছে, মাছ ধৰোতাই সমনীয়াক মাছ ধৰিবলৈ চিঞৰি মাতিছে৷
এই দৃশ্য বাৰিষাৰ খেতিপথাৰ বা নৈৰ দৃশ্য নহয়৷ এই দৃশ্য আজি সুলভ হ’ল ধনশিৰি মহকুমাৰ বৰপথাৰ নগৰ সমিতিৰ অধীনৰ মূল বাট-পথ সমূহত৷ অঞ্চলটোৰ মূল বাট-পথ সমুহৰ জৰাজীৰ্ণ তথা কদৰ্যময় অৱস্থাৰ উপৰিও পথৰ মাজত দ-গাঁত সৃষ্টি হৈ এজাক বৰষুণতে পানী জমা হৈ সাধাৰণ পথচাৰীৰ লগতে স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু ৰোগীৰ যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগা হৈছে৷
যাৰ পৰিপ্ৰেক্ষিতত আজি বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰায় শতাধিক বিষয়া-কৰ্মীয়ে নগৰৰ মাজ মজিয়াত অৱস্থান কৰি পথ অৱৰোধ কৰাৰ লগতে পথৰ মাজৰ গাঁতত জাল, জাকৈ মাৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদস্থলীত আজি শতাধিক প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ বৰপথাৰ নগৰ সমিতি কাম নাই ,অতুল বৰা কাম নাই ,নগৰ সমিতিৰ সভাপতিৰ কাম নাই আদি ধ্বনিৰে প্ৰায় ৩ ঘণ্টা সময় মূল পথ অৱৰোধ কৰি ৰাখে।
শেষত প্ৰতিবাদস্থলিত ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাদীশ প্ৰাণজিৎ কুমাৰ দেৱ আৰু বৰপথাৰ নগৰ সমিতিৰ সভাপতি শৈলেশ কুমাৰ সিং উপস্থিত হৈ অনতিপলমে পথৰ ওপৰত জমা হোৱা পানী সমূহ উলিওৱাৰ ব্যৱস্থা আৰু পথৰ ওপৰত থকা দ-গাঁত সমুহত শিল দি মেৰামতি কৰাৰ উপৰিও ধনিশিৰি মহকুমাধিপতি কাৰ্যলয়ত এসপ্তাহৰ ভিতৰত এই সমস্ত সমস্যাৰ ওপৰত আলোচনাত বহাৰ প্ৰতিশ্ৰুতি ছাত্ৰ সন্থাৰ কৰ্মীসকলক দিয়াত তেঁওলোকে নিজৰ প্ৰতিবাদি কাৰ্যসূচী উঠায় লয়।