
চাবুৱাঃ যি সময়ত সমগ্র অসমত ঠায়ে ঠায়ে নিষিদ্ধ গুটখা আৰু গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিছে। ঠিক তেনে সময়তে ডিব্ৰুগড় জিলাৰ চাবুৱা নগৰৰ বজাৰ এলেকাৰ বিভিন্ন চুকে-কোণে এচাম অসৎ ব্যৱসায়ীয়ে অবাধভাৱে চলাই আছে নিষিদ্ধ গাঞ্জা, গুটখাৰ দৰে বৰবিহৰ অবৈধ বেহা।
যাৰ ফলত অঞ্চলটোৰ সুস্থ সামাজিক বাতাবৰণত কু-প্ৰভাৱ পৰাৰ লগতে এই বৰবিহত নতুন প্ৰজন্ম আসক্ত হৈ পৰা পৰিলক্ষিত হৈছে। সেয়ে আৰক্ষী প্ৰশাসনৰ নিৰ্বিকাৰ ভূমিকাত ক্ষোভ উজাৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিয়ে।
পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি ধনটি শইকীয়া আৰু সাধাৰণ সম্পাদক ৰাজীৱ দাস স্বাক্ষৰীত এখন স্মাৰক পত্ৰ শুকুৰবাৰে চাবুৱা ৰাজহ চক্ৰ বিষয়াক প্ৰদান কৰে। লগতে ৪৮ ঘণ্টাৰ ভিতৰত অবৈধ গাঞ্জা আৰু গুটখাৰ অবৈধ বেহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সংগঠনটোৱে।
অন্যথা সংগঠনটোৱে নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলিও উল্লেখ কৰে।