
কামপুৰঃ ১২ ঘন্টীয়া বন্ধত স্তব্ধ হৈ পৰিল নগাঁও জিলাৰ কামপুৰ৷ নগাঁৱত প্ৰাক্তন আলফাক বহিৰাগত বণিকে আক্ৰমণ কৰাৰ প্ৰতিবাদত আজি কামপুৰৰ ৰাইজে পুৱা ৫ বজাৰ পৰা ১২ ঘন্টীয়া কামপুৰ বন্ধ পালন কৰি ঘটনাৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
কামপুৰৰ বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদী বন্ধৰ সময়চোৱাত কামপুৰৰ তেতেলিসৰাত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি।কামপুৰত সকলো যান বাহন চলাচল বন্ধ কৰি দিয়াত স্তব্ধ হৈ পৰে জনজীৱন৷
আনকি বন্ধৰ পৰা ৰেহাই নপৰিল চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহো৷ আনহাতে প্ৰতিবাদকাৰীয়ে ঠায়ে ঠায়ে ৰাজপথত টায়াৰ জলাই প্ৰতিবাদ সাব্যস্ত কৰাত নিৰুপায় হৈ জিলা প্ৰশাসনে আৰক্ষী মোতায়েম কৰিবলৈ বাধ্য হৈ পৰে৷
আনফালে প্ৰায় দুঘণ্টা ধৰি কামপুৰত উজনিমুৱা ৰঙিয়া এক্সপ্ৰেছ অৱৰোধ কৰি বন্ধৰ সমৰ্থক সকলে ৰেল পথত টায়াৰ জ্বলাই ৰাজেন গোহাঁই মূৰ্দাবাদ, অনা অসমীয়াৰ অত্যাচাৰ নচলিব আদি ধ্বনিৰে উত্তাল কৰি তোলে কামপুৰৰ আকাশ বতাহ৷
অৱশ্যে নগাওঁ জিলাৰ উপ আৰক্ষী অধীক্ষকগৰাকী ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সকলো দাবী মানি লোৱাত ৰেল অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।