জাগীৰোডঃ মৰিগাঁও জিলাৰ জাগীৰোডত পথ অৱৰোধ৷ কেইবাশতাধিক লোকে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ জাগীৰোড-মৰিগাঁও সংযোগী পথ অৱৰোধ কৰি পথ নিৰ্মানকাৰী সংস্থা চিমপ্লেক্সৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে৷

চিমপ্লেক্স, ডালমিয়া চিমেন্ট উদ্যোগৰ বিৰুদ্ধেও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ ৮৫ কোটি টকাৰে নিৰ্মাণ হৈ থকা জাগীৰোড-মৰিগাঁও জৰাজীৰ্ণ পথ শীঘ্ৰে নিৰ্মানৰ দাবী জনায় ৰাইজে৷ পথত আৱদ্ধ শ শ যান-বাহন ৷ ৬ বছৰে সম্পূৰ্ণ নহ'ল জাগীৰোড- মৰিগাঁও পথ।