08
Jan
2019

লাহোৱালঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আইন ২০১৬ ৰ বিৰোধীতাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু সহযোগী সংগঠনসমূহে আহ্বান জনোৱা অসম বন্ধ লাহোৱালত সৰ্বাত্মক হোৱা পৰিলক্ষিত হয়। লাহোৱালৰ বিভিন্ন স্থানত প্ৰতিবাদকাৰীয়ে টায়াৰ, প্ৰতিমূৰ্ত্তি জ্বলাই প্ৰতিবাদ সাব্যস্থ কৰে। লাহোৱাল আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত হোৱা প্ৰতিবাদত সাধাৰণ জনগণে সহযোগ কৰাটো লক্ষ্যণীয়।
লাহোৱাল, ডিকম, বকুল, মোহনবাৰী, ঘোঁৰামৰা, নতুনআলি আদিত প্ৰতিবাদ সাব্যস্থ কৰে। ঘোঁৰামৰা তিনিআলিত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্ত্তি দাহ কৰে। বন্ধৰ সময়ছোৱাত শিক্ষা প্ৰতিষ্ঠান, ব্যৱসায়িক প্ৰতিষ্ঠান আদিকে ধৰি সকলো চাহ বাগিচা বন্ধ থাকে।