
বাঘবৰঃ বৰপেটা জিলাৰ মন্দিয়া আঞ্চলিক কৃষক সভাই আজি বাঘবৰ সমষ্টিৰ মন্দিয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদত অংশ লৈ কাৰ্যালয়টোত সংঘটিত হোৱা দুৰ্নীতিৰ তদন্ত কৰাৰ দাবী জনায়৷
মন্দিয়া আঞ্চলিক কৃষক সভাৰ সম্পাদক তফিজ উদ্দিন আহমেদ, সংগঠনটোৰ জিলা সম্পাদক আজিজুৰ ৰহমানে মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰায়বোৰ গাঁও পঞ্চায়তৰ সভাপতি, সচিবে নিজৰ ইচ্ছা মতে বৃদ্ধ পেঞ্চনৰ তালিকা প্ৰস্তুত কৰি প্ৰকৃত বৃদ্ধ, বিধৱাক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে।
বহু বৃদ্ধ আৰু বিধৱাক ঘৰৰ পৰিয়ালৰ লোকে ভালদৰে চোৱাচিতা নকৰাৰ ফলত সময়ে সময়ে লঘোনে দিন কটাইছে যদিও তেওলোকৰ প্ৰাপ্য নিদিয়াৰ অভিযোগ উত্থাপন কৰে।
প্ৰকৃত বৃদ্ধ-বিধৱাক পেঞ্চন দিয়াৰ দাবী জনায় মন্দিয়া উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত বিষয়াৰ জড়িয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰদান কৰে কৃষক সংগঠনটোৱে।