
জাজৰিঃ প্ৰাক্তন আলফা নেতাক ২২ আগষ্টত নগাঁৱত ব্যৱসায়ীয়ে আক্ৰমন কৰাক লৈ এতিয়া সমগ্ৰ ৰাজ্য জুৰি প্ৰতিবাদৰ জাৱাৰ উঠিছে৷ চিলাপথাৰ কাণ্ডৰ পুনৰাবৃত্তি বুলি অভিহিত কৰি বাংলাভাষীয়ে খিলঞ্জীয়াৰ ওপৰত কৰা অত্যাচাৰৰ তীব্ৰ প্ৰতিবাদ জনাই ৰাজ্যৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হৈছে৷
আজি সদৌ অসম অনুসূচীত জাতি ছাত্র সন্থাৰ নগাঁও জিলা সমিতি আৰু নগাঁও জিলা অনুসূচীত জাতি পৰিষদে নগাঁৱত এখন সংবাদমেল আয়োজন কৰি নগাঁও কাণ্ডৰ তীব্ৰ বিৰোধীতা প্ৰকাশ কৰে৷ নগাঁও চহৰস্থিত ড° বি আৰ আম্বেদকাৰ ভৱনত দুয়োখন সমিতিৰ যুটীয়া উদ্যোগত আয়োজিত সংবাদ মেলত নগাঁও কাণ্ডক গৰিহণা দি কয় যে নগাঁৱত সংঘটিত হোৱা ঘটনা চিলাপথাৰ কাণ্ডৰে পুনৰাবৃত্তি৷
বাংলাভাষী ব্যৱসায়ী অভিষেক ৰয় ওৰফে মিঠু আৰু তেওঁৰ গুণ্ডা বাহিনীয়ে কৰা দুস্কাৰ্যক খিলঞ্জীয়াই কেতিয়াও সহ্য নকৰে৷ সদৌ অসম অনুসূচীত জাতি ছাত্র সন্থাৰ নগাঁও জিলা সমিতি আৰু নগাঁও জিলা অনুসূচীত জাতি পৰিষদে আজি সংবাদমেল যোগে ৰাজ্যৰ প্ৰসাশনৰ ওচৰত নগাঁৱৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী কৰে৷
আনহাতে সদৌ অসম অনুসূচীত জাতি ছাত্র সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক দেৱ কুমাৰ দাসেও উক্ত কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনাই এনে কাৰ্যই অসমীয়াৰ স্বাভিমানত চৰম আঘাত হানিছে বুলি ক্ষোভ প্ৰকাশ কৰে৷