দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰৰ জিলা উপায়ুক্ত ড০ কৰুণা কুমাৰীৰ বদলিৰ দাবীত অৱশেষত বন্ধ পালন হ’ল। আজি বন্ধৰ সময়ত পথত টায়াৰ জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰে ১৮টাকৈ দল-সংগঠনে৷

উপায়ুক্ত ড০ কুমাৰীৰ বদলিৰ দাবীত এই দল-সংগঠনসমূহে আজি পুৱা চাৰি বজাৰ পৰা ২৪ ঘন্টীয়া বন্ধ ঘোষণা কৰে৷ উপায়ুক্ত ড০ কুমাৰীয়ে জিলাখনত যোগদান কৰাৰ পাছৰে উন্নয়নমূলক কাম-কাজ স্তব্ধ হৈ পৰা বুলি সাধাৰণ লোকো সৰৱ হৈ আছে৷

উপায়ুক্তগৰাকীক শীঘ্ৰে চৰকাৰে বদলি নকৰিলে অহা ২৯ মে’ৰ পৰা আমৰণ অনশন আৰম্ভ কৰিব বুলি হুংকাৰ দিছে প্ৰতিবাদমুখৰ সংগঠনসমূহে৷