
সৰুক্ষেত্ৰীঃ ভট্টদেৱ বিশ্ববিদ্যালয় ব্যাসকুছি সত্ৰত স্থাপনৰ দাবীত দিশপুৰ লাষ্টগেটত সৰুক্ষেত্ৰী সমষ্টিৰ ৰাইজে এক সাংস্কৃতিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে কিছুদিন পূৰ্বে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধানসভাৰ মজিয়াত শ্ৰীশ্ৰী বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য (ভট্টদেৱ) প্ৰতিষ্ঠিত ৩০০ বছৰ পুৰণি ব্যাসকুছি সত্ৰক উপেক্ষা কৰি বজালীত ভট্টদেৱ বিশ্ববিদ্যালয় স্থাপন হ’ব বুলি ঘোষণা কৰিছিল। শিক্ষামন্ত্ৰীৰ এনে সিদ্ধান্তত সমগ্ৰ সৰুক্ষেত্ৰীবাসী ক্ষুব্ধ হৈ পৰিছে আৰু ভট্টদেৱক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে।