
শিৱসাগৰঃ ফৰলেনযুক্ত পথ নিৰ্মাণ তথা ভূমি অধিগ্ৰহণৰ নামত ৩০০ কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ সন্দৰ্ভত আজিও প্ৰতিবাদ অব্যাহত আছে শিৱসাগৰত৷
শিৱসাগৰৰ কেইবাটাও সংগঠনৰ উমৈহতীয়া মঞ্চ যৌথ সংগ্রামী মঞ্চৰ শতাধিক প্রতিবাদকাৰীয়ে আজি পথ অৱৰোধ কৰি কেলেংকাৰীৰ তদন্তৰ দাবী জনায়৷
যৌথ সংগ্রামী মঞ্চই শিৱসাগৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক পত্র প্রেৰণ কৰিছিল যদিও কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হয় ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷
যৌথ মঞ্চই ক্ষোভিত হৈ পুনৰ দোষীক কেলেংকাৰীৰ তদন্ত কৰাৰ লগতে দোষীক শাস্তি প্ৰদানৰ দাবীত ৰাজপথ অৱৰোধেৰে উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷
শিৱসাগৰ জিলাৰ তিনিশ কোটি টকীয়া ফৰলেণ্ড কেলেংকাৰীৰ তদন্ত দায়িত্ব চিবি আইক অৰ্পণ নকৰাৰ প্রতিবাদত আজি পুনৰ ৰাজ পথ অৱৰোধ কৰে যৌথ সংগ্রামী মঞ্চই৷
ইয়াৰ পূৰ্বেও যৌথ মঞ্চই ৰাজ্য চৰকাৰক স্মাৰক পত্ৰ প্ৰেৰণ কৰি ১৫ দিনৰ সময় সীমা বান্ধি দিছিল যদিও সময় উকলি যোৱাত সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে৷