অভয়াপুৰীঃ এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্র কৰি  উত্তাল হ’ল অভয়াপুৰীৰ ৰাজ পথ৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সমীপৰ মালেগড়ৰ গড়কাপ্তানী পথ অৱৰোধ কৰি ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। জানিব পৰা মতে, বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মালেগড়ত বুধবাৰে উদণ্ড টেম্প চালকৰ খুন্দাত মালেগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ নূৰ আলমৰ মৃত্যু হয়৷

এই ঘটনাই বুধবাৰৰ পৰাই তীব্ৰ চাঞ্চল্য অব্যাহত আছিল৷ তাৰ মাজতে অঞ্চলটোৰ একাংশ লোক গড়কাপ্তানী পথলৈ ওলাই আহে প্ৰশাসনৰ বিৰুদ্ধে৷ উদণ্ড টেম্প চালকক নিয়ন্ত্ৰণ কৰাৰ দাবীত  ৰাইজ ক্ষোভিত হৈ ৰাজ পথ অৱৰোধ কৰে ৰাইজে৷ তীব্ৰ বেগত চলাচল কৰা যান-বাহনক নিয়ন্ত্ৰণ নকৰাত কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

বৃহস্পতিবাৰে দুৰ্ঘটনাত নিহত হোৱা ছাত্ৰগৰাকীৰ অধ্যয়ণ কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়সকলে স্থানীয় ৰাইজৰ সহযোগত উদণ্ড টেম্প চালকসকলক নিয়ন্ত্ৰণ কৰা, অনুজ্ঞাপত্ৰ অবিহনে দুচকীয়া বাহনৰ লগতে অন্যান্য বাহনৰ চালক সমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰু বিদ্যালয়ৰ সন্মুখত গতিৰোধক নিৰ্মাণ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷