
তিনিচুকীয়াঃ ২০১৩ চনৰ পৰাক্ৰমী মন্ত্ৰী স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰৱৰ্তন কৰা "ধঁপাত নিষিদ্ধকৰণ আইন, ২০১৩" এতিয়া ধোঁৱা-চাঙত৷ ধোঁৱা বিহীন এখন আকাশ আৰু ধপাত বিহীন এখন ৰাজ্য চোৱাৰ মানসেৰে ২০১৩ চনৰ সেই আইনক সকলো সভ্য সমাজে আদৰি লৈছিল৷
কিন্তু চৰকাৰী লাভালাভৰ স্বাৰ্থত প্ৰতিদিন কৌটি কৌটি টকাৰ ধপাত ৰাজ্যত বিক্ৰি কৰি থৰা হৈছে৷ প্ৰশাসনৰ সন্মুখত ধপাতৰ ৰমৰমীয়া বেহা চলে৷ আনকি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ আৰু ৰাজ্য চৰকাৰৰ এজন বিজেপি বিধায়ক পিয়ুষ হাজৰিকাইও ধপাতৰ এখন অবৈধ বজাৰ চলাই থকাৰ অভিযোগ আনিছে একাংশ সচেতন ৰাইজে৷
খোদ স্বাস্থ্যমন্ত্ৰীয়ে প্ৰৱৰ্তন কৰা আইনখনক ভেকোঁ ভাওনা প্ৰতিপন্ন কৰি এতিয়া সমগ্ৰ ৰাজ্যতে ধপাতৰ মুকলি বেহা চলি আছে৷ মানুহক মৃত্যুৰ গৰাহলৈ ঠেলি নিয়া এই বিষ খাদ্যৰ প্ৰতিবাদত ৰাজ্যৰ বিভিন্ন দল-সংগঠনে সময়ে সময়ে প্ৰতিবাদ কৰি আহিছে যদিও কোনো গুৰুত্ব আৰোপ কৰা নাই ৰাজ্য চৰকাৰ কিম্বা স্বাস্থ্য বিভাগে৷
আনহাতে দল-সংগঠন সমূহে ধপাতৰ বেহা চলোৱা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহকো ধপাত বিক্ৰি বন্ধ কৰিবলৈ বাৰাম্বাৰ সকিঁয়নি দিয়াৰ পাছতো নেতা-কৰ্মীৰ প্ৰচ্ছায়াত চলা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহে ধপাত বন্ধ কৰা নাই৷ ৰাজ্য চৰকাৰৰ চৰম অমনোযোগীতা আৰু নেতা-মন্ত্ৰীৰ সহায়ত ধপাতৰ অবাধ ব্যৱসায় চলাই থকা ব্যৱসায়ী সকলৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সময়ে সময়ে ধপাত মুক্তি অভিযান চলাই আহিছে৷
দেওবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অভিযান চলাই মাৰ্ঘেৰিতাত প্ৰায় ৩ লাখ টকাৰ গুটখা, জৰ্দা, পাণ মচলা জ্বলাই দিয়াৰ পাছতেই মঙলবাৰে পুনৰ ছাত্ৰ মুক্তি সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিয়ে তিনিচুকীয়া চহৰৰ মাজ মজিয়াত অৱস্থিত ‘‘কিৰণ ষ্টোৰ’’ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰা প্ৰায় ৫ লাখ টকাৰ ধপাত জব্দ কৰি জ্বলাই দিয়ে৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়া, তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লক্ষ্যজ্যোতি গগৈ আৰু সম্পাদক পাপু দত্তই অসমৰ কেইজনমান প্ৰভাৱশালী মন্ত্ৰীৰ ঘনিষ্ঠই সমগ্ৰ অসমতে এই ছিণ্ডিকেটৰাজ চলাই আছে আৰু তিনিচুকীয়া জিলাতো জিলা প্ৰশাসনৰ ছত্ৰছাঁয়াতে এই অবৈধ বেহা চলি আছে বুলি অভিযোগ উত্থাপন কৰে৷
তিনিচুকীয়া জিলা প্ৰশাসনক সকীয়াই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কয় যে ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰা এনে ধঁপাত জাতীয় সামগ্ৰী কোনো কাৰণতেই বিক্ৰী কৰিবলৈ দিয়া নহব আৰু জিলা প্ৰশাসনে যদি ইয়াৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ সহযোগত এই অভিযান অধিক তীব্রতৰ কৰি তুলিব হংকাৰ দিয়ে৷