গুৱাহাটীঃ নৰীৰ সুৰক্ষা প্ৰদানৰ লগতে স্বেতা হত্যাকাণ্ডৰ উচিত তদন্ত বিছাৰি মহানগৰীৰ ৰাজ পথ উত্তাল কৰিলে শ-শ মহিলা৷ মহানগৰীৰ মণিপুৰী বস্তিৰ সমীপত স্থানীয় মহিলাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মঙলবাৰে দুপৰীয়া মহানগৰীৰ মণিপুৰী বস্তিত পথ অৱৰোধ কৰিবলৈ ওলাই অহাত আৰক্ষী-অৰ্ধসামৰিক বাহিনীয়ে প্ৰতিবাদকাৰীক আতৰাই নিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয়৷

সোমবাৰে সন্ধিয়া এগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহে ছাত্ৰ-ছাত্ৰী তথা মহিলাসকলে৷ গুৱাহাটী মহানগৰীৰ শান্তিপুৰত গোৱিন্দ সিংহানীয়া নামৰ যুৱক এজনৰ বাসগৃহৰ বাথৰুমত কে চি দাস কমাৰ্চ কলেজৰ মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হয়। ঘটনাৰ উচিত তদন্ত কৰি সকলো দোষীক আটক কৰি উপয়ুক্ত শাস্তি প্ৰদানৰ দাবীত ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে৷

জানিব পৰা মতে, গুৱাহাটীৰ মনিপুৰীবস্তিৰ নিৱাসী মেধাৱী ছাত্ৰী শ্বেতাই পৰীক্ষা দিবলৈ গৈ ঘৰলৈ উভতি অহাৰ পথত এই ঘটনা সংঘটিত হয়। ছাত্ৰীগৰাকীৰ পৰিয়ালৰ মতে, ছাত্ৰীগৰাকীক অপহৰন কৰি নি এনে ঘটনা সংঘটিত কৰিছে। এই হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত গোৱিন্দ সিংহানীয়া নামৰ যুৱকগৰাকীক আৰক্ষীয়ে আটক কৰে৷ ছাত্ৰীগৰাকীৰ সৈতে একেখন কলেজতেই পঢ়িছিল গোৱিন্দ সিংহানীয়াই।

হত্যাকাণ্ডতো সংঘটিত হোৱাৰ সময়ত অভিযুক্ত যুৱকজনৰ ঘৰত যুৱকগৰাকীৰ মাক আৰু ভনীয়েকো উপস্থিত আছিল। ছাত্ৰীগৰাকীৰ অগ্নিদগ্ধ মৃতদেহ উদ্ধাৰ হোৱাৰ পিচত গুৱাহাটীৰ ভৰলুমুখ থানাৰ আৰক্ষীয়ে অভিযক্ত যুৱক গোৱিন্দ সিংহানীয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে যুৱকগৰাকীৰ মাক আৰু ভনীয়েককো আটক কৰে।