চাবুৱাঃ দিন দিয়েক পূৰ্বে মৰিয়নীৰ এখন মহাবিদ্যালয়ত যুদ্ধ চলিছিল। যুদ্ধৰ এটা পক্ষই দিছিল ভাৰত মাতা কী জয় ধ্বনি। আৰু আনটো পক্ষই দিছিল জয় আই অসম ধ্বনি। চিলাপথাৰ কাণ্ডৰ পৰা ক্ৰমাৎ ক্ষিপ্ৰতৰ হৈ উঠা এই যুদ্ধ যেন এইবাৰ তুংগত উঠিছে।

নগাঁৱত ডকাইত সজাই প্ৰাক্তন আলফা মুন বৰাক অনা-অসমীয়া ব্যৱসায়ীয়ে প্ৰহাৰ কৰা ঘটনাৰ পিছতে চিলাপথাৰ কাণ্ডৰ দৰেকৈ জ্বলি উঠিছে সমগ্ৰ অসম। শুকুৰবাৰে খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰতিবাদী সমদলৰ অন্তত নিৰ্দোষী প্ৰাক্তন আলফা সদস্যকেইজনক বিনা চৰ্তে মুকলি কৰি দিয়াৰ পিছতো অব্যাহত আছে উত্তেজনা আৰু প্ৰতিবাদ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড় জিলাৰ চাবুৱাতো আজি নগাঁও কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়। চহৰখনত সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে জোৰ সমদলেৰে অসমীয়াৰ ওপৰত অনা-অসমীয়াই চলোৱা আক্ৰমণৰ নিন্দা কৰা হয়। জোৰ সমদলৰ মাজতে একাংশ সমদলকাৰীয়ে মুকলিকৈয়ে স্বাধীন অসমৰ দাবীত অটল হৈ সংগ্ৰাম অব্যাহত ৰখা আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱা জিন্দাবাদ ধ্বনি দিয়ে।

পৰেশ বৰুৱাৰ গৃহভূমি চাবুৱাত আজিৰ এই প্ৰতিবাদী জোৰ সমদলত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে ভাগ লয়। প্ৰতিবাদকাৰীসকলে জয় আই অসম ধ্বনিৰ লগতে পৰেশ বৰুৱা জিন্দাবাদ ধ্বনি দিয়া কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। আলফা জয় ধ্বনি আৰু পৰেশ বৰুৱা জয় ধ্বনি দি প্ৰতিবাদকাৰীসকলে অনা-অসমীয়াসকলক অনাগত দিনত খিলঞ্জীয়াসকলৰ ওপৰত আক্ৰমণ চলালে পৰিস্থিতি বিষম হৈ পৰিব বুলি সকীয়াই দিয়ে।

উল্লেখ্য যে কেবাজনো সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত স্বাধীন অসমৰ সপোন দেখা পৰেশ বৰুৱাই কৈ আহিছিল যে অসমীয়াৰ ওপৰত ভাৰতৰ আন ৰাজ্যৰ লোকে সুদীৰ্ঘ সময় ধৰি চলাই অহা আক্ৰমণ আৰু তাচ্ছিল্যসূচক মনোভাৱৰ পৰিপ্ৰেক্ষিততে তেওঁৰ মনত সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰাৰ চিন্তাৰ উন্মেষ ঘটিছিল।