
নগাঁওঃ মানৱ জাতিক অতীজৰে পৰা জীৱ শ্ৰেষ্ঠ আখ্যা দি অহা হৈছে৷ চিন্তা-ভাৱনা,ধ্যান-ধাৰণা, বিচাৰ-বুদ্ধি তথা জ্ঞান আন জীৱৰ তুলনাত মানৱ সমাজৰ বহু গুণে বেছি বাবে মানুহক এনে মহত্বপূৰ্ণ স্থান দিয়া হৈছে৷ কিন্তু বহু সময়ত মানুহে প্ৰদৰ্শন কৰা কেতবোৰ কৰ্ম-কাণ্ডই সকলোকে স্তম্ভিত কৰি তোলাৰ বিপৰীতে এক মুহূৰ্তৰ কাৰণে ভাবিবলৈ বাধ্য কৰে প্ৰকৃততে মানুহ জীৱ শ্ৰেষ্ঠ হয়নে?
শেহতীয়াভাবে বিশ্ব খনিকৰৰ মৃণ্ময় মূৰ্ত্তিৰ ক্ষেত্ৰত এচাম জীৱ শ্ৰেষ্ঠ মানুহে প্ৰদৰ্শন কৰা কাণ্ড-কাৰখানাই সচেতন মহলৰ মাজত পুনৰাই সেই প্ৰশ্নৰে অৱতাৰণা কৰিছে৷ কিয়নো, কাইলৈ সৰ্বপ্ৰান্ততে মহা আয়োজনেৰে উদযাপিত হ’বলগীয়া বিশ্বকৰ্মা পূজাৰ প্ৰাক্ মুহূৰ্তত এবছৰৰ পুৰণি সৃষ্টিৰ খনিকৰজনৰ মৃণ্ময় মূৰ্ত্তিবোৰ ঠায়ে ঠায়ে মানুহে দৃষ্টিকটু ভাবে পেলাই থোৱা দেখা গ’ল৷
কিন্তু এই প্ৰতিমাই বিগত বৰ্ষৰ বিশ্বকৰ্মা পূজাত বেছ শ্ৰদ্ধাসহকাৰে বেদীত স্থাপন কৰি পূজা-পাতল, আৰতি আদিৰ দ্বাৰা আৰাধনা কৰিছিল৷ এনেদৰে আৰাধনা কৰা প্ৰতিমাখনি সযতনে গোটেই বছৰটো নিজৰ নিজৰ দোকান, কাৰখানা বা ব্যৱসায়-প্ৰতিষ্ঠান আদিত থোৱাৰ পিছত আজি নতুনকৈ বিশ্বকৰ্মাৰ প্ৰতিমূৰ্ত্তি ক্ৰয় কৰি আনি পুৰণিবোৰ আবৰ্জনাস্থলীত নিক্ষেপ কৰে৷
এক কথাত ধুম-ধামেৰে পালিত পূজা এখন সমাপ্ত হোৱাৰ পিছত মৃণ্ময় মূৰ্ত্তিবোৰ বিসৰ্জনৰ নামত এইদৰে পৰিত্যক্ত স্থানত থোৱাটো যেন বৰ্তমান সময়ত সাধাৰণ কথাহে হ’ব ধৰিছে৷ ঘাইকৈ বছৰ বাগৰাৰ পিছত এলাগী হৈ পৰা মূৰ্তিবোৰ পদ পথৰ কাষত, গছৰ তলত, আবৰ্জনা পেলোৱা ঠাই আদিত পেলাই থৈ যায় জীৱশ্ৰেষ্ঠ মানুহেই৷
পৰৱৰ্তী পৰ্যায়ত উদঙীয়া জীৱ-জন্তুৰ আক্ৰমণ নতুবা ৰ’দ-বৰষুণৰ কৱলত পৰি সেইবোৰ উক্ত স্থানতে জহি-খহি ধ্বংস হৈ যায়৷ ইফালে, এচাম ব্যক্তি তথা পূজা সমিতিৰ এনে ঘৃণনীয় কাণ্ড যিদৰে অশোভনীয় কৰ্মৰ নিদৰ্শন, ঠিক তেনেদৰে এয়া পৰিবেশৰ বাবেও চৰম ভাবুকি স্বৰূপ বুলি বিজ্ঞ মহলে মন্তব্য কৰিছে৷
কাৰণ নানা প্ৰকাৰৰ ৰং তথা ৰাসায়নিক দ্ৰব্য মিহলাই প্ৰস্তুত কৰা এই মৃণ্ময় মূৰ্ত্তিবোৰ য’তে-ত’তে থোৱাৰ পিছত সেইবোৰ জহি-খহি গৈ তাত থকা ৰাসায়নিক পদাৰ্থ, ৰং আদি সেই স্থানৰ মাটি-পানীৰ সৈতে মিহলি হৈ যায়৷ ফলত সেই স্থানৰ পৰিৱেশ প্ৰদূষিত হৈ পৰাৰ লগতে নিকটবৰ্তী জীৱ-কুলক ই যথেষ্ট ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা থাকে৷ কাজেই, পূজিত দেৱতাক পৰৱৰ্তী সময়ত মানুহে দেখুওৱা এনে অনাদৰে প্ৰকৃততে এচাম অদুৰদৰ্শী লোকৰ নিম্নমানৰ চিন্তা-ভাৱনাকে প্ৰতিফলিত কৰিছে৷