চতিয়াঃ গুৱাহাটীৰ মহানগৰীৰ ভোগেশ্বৰী ফুকননী ইন-ডৰ ষ্টেডিয়ামত যোৱা ২৯ অক্টোবৰত সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা ভৱিনাম সমৰকলা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিশ্বনাথৰ চেম্পিয়নচ মেকাৰ অকাডেমীয়ে সাফল্য আৰ্জন কৰিবলৈ সক্ষম হয়।

বিশ্বনাথ চাৰিআলিৰ অকাডেমী খনৰ সঞ্চালক তথা সমৰকলাত আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন খেলুৱৈ, প্ৰশিক্ষক হৃদয়ানন্দ দাসৰ তত্বাৱধানত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খেলুৱৈ সকলে ৮টা স্বৰ্ণ, ৫টা ৰূপৰ আৰু ৬টা ব্ৰঞ্জৰ পদক জিনিবলৈ সক্ষম হয়।

মনদীপ বৰুৱা, সনম লামা, বিষৱ নাৰ্জাৰী, কৃষাণু ডেকা, জীয়া স্বৰগিয়াৰী, বিশ্বজিৎ মূৰা, জিম্পী দেৱী, কুন্তলা বৰদলৈয়ে স্বৰ্ণ পদক লাভ কৰাৰ লগতে হৰ্সিতা ৰাগিণী শইকীয়া, অস্মিতা ভট্টাচাৰ্য, অংশুমী বৰা, অঞ্জু লুইটেল, মাছী মূৰায়ে ৰূপৰ পদক অৰ্জন কৰে৷ ব্ৰঞ্জৰ পদক লাভ কৰে বিমল দাহাংগা, নৱজিৎ নাথ,  প্ৰিয়দৰ্শনী লামা, অনুভৱ কাশ্যপ, ৰাজৰ্শী নাথ আৰু জাগ্ৰত বৰদলৈয়ে। প্ৰতিযোগিতাত বিশ্বনাথৰ অকাডেমী খনে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে।