
ধেমাজিঃ পৰিৱৰ্তনকামী চৰকাৰৰ বিৰুদ্ধে মোহ ভঙ্গ হৈছে জনসাধাৰণৰ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দুৰ্নীতি আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰমনৰ প্ৰতিশ্ৰুতিবদ্ধ হোৱা চৰকাৰখনে এতিয়া দিন যায় মানে দুৰ্নীতি আৰু মূল্যবৃদ্ধিৰ হাতুৰীৰে জনসাধৰণৰ মূৰত মাধমাৰ শোধোৱাহে পৰিলক্ষিত হৈছে৷
শেহতীয়াকৈ ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে জনসাধৰণৰ সহনশীলতাৰ চৰম সীমা অতিক্ৰম কৰিলে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দল-সংগঠনে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে আজি দুৰ্নীতি আৰু মূল্য বৃদ্ধি হ্ৰাস কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিল ধেমাজি জিলা সদৌ অসম সোনোৱাল কছাৰী ছাত্ৰ সন্থা।
শেহতীয়াকৈ চৰকাৰে ৰন্ধন গেছৰ মূল্য বৃদ্ধি কৰা আৰু ৰাজসাহায্য বাতিল কৰাৰ সিদ্ধান্তকে ধৰি জিলাখনৰ বিভিন্ন সমস্যাৰ সমাধাৰ দাবীত আজিৰ পৰা ২৬ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে।
কাৰ্য্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ সদৌ অসম কছাৰী ছাত্ৰ সন্থাৰ জিলা আৰু আঞ্চলিক পৰ্যায়ৰ নেতৃবৰ্গ উপস্থিত থাকে আৰু চৰকাৰৰ এনে জাতিতদ্ৰোহী সিদ্ধান্তক তীব্ৰ সমালোচনা কৰা লগতে অসমৰ ৰাইজকো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়।