
বাইহাটা চাৰিআলিঃ পূৱ কামৰূপ মহাবিদ্যালয়ৰ ৰেগিং কাণ্ডৰ চাঞ্চল্য বৰ্তমানেও মাৰ যোৱা নাই। ঐতিহাসিক পূৱ কামৰূপ মহাবিদ্যালয়ৰ ছাত্রী নিৱাসৰ ছাত্রী তথা মহাবিদ্যালয়খনৰ কলা শাখাৰ দ্বিতীয় ষাণ্মসিকত অধ্যয়নৰত ৰিতুমনি বেগমে একেটা হোষ্টেলৰে মহাবিদ্যালয়খনৰ বিজ্ঞান শাখাৰ চতুৰ্থ ষাণ্মসিকৰ ছাত্রী কৰিশ্মা শৰ্মাৰ বিৰুদ্ধে ৰেগিং কৰাৰ অভিযোগ উত্থাপন কৰি বাইহাটা চাৰিআলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল৷
পূৱ কামৰূপ মহাবিদ্যালয়ৰ ৰিতুমনি নামৰ ছাত্ৰীগৰাকীয়ে একেখন মহাবিদ্যালয়ৰ আন এগৰাকী ছাত্ৰী কৰিশ্মা শৰ্মাৰ বিৰূদ্ধে ৰেগিং কৰাৰ অভিযোগ উত্থাপন কৰাৰ কথা ৰাজহুৱা হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ এই ঘটনা ৰাজহুৱা হোৱাৰ পাছত হোষ্টেলত থকা ৭২ গৰাকী ছাত্ৰীয়ে এই ঘটনাক আক্ৰোশমূলক আখ্যা দিছে ৷
কৰিশ্মা শৰ্মা আৰু ৰিতুমনি বেগমে হোষ্টেলৰ কোঠালী সৰু কথাৰ কটা-কটিক লৈয়ে সূত্ৰপাত হৈছিল বিতৰ্কৰ। জনামতে সময়ে সময়ে দুয়োগৰাকী ছাত্ৰীৰ মাজত মনোমালিন্য ঘটি আছিল। দুয়োগৰাকী ছাত্ৰীয়ে তৰ্কাতৰ্কিত লিপ্ত হোৱাৰ পাছত ৰিতুমনিয়ে কন্দাকটা কৰিছিল৷ ৰিতুমনিয়ে বহু সময় ধৰি কন্দাকটা কৰি অচেতন হৈ পৰাত মহাবিদ্যালয়খনৰ হোষ্টেলত চোৱাচিতাৰ দায়িত্বত থকা প্ৰবক্তা আৰু আন আন ছাত্ৰীয়ে ১০৮ এম্বুলেন্সেৰে নাৰায়না হস্পিতালত ভৰ্তি কৰায়৷
পাছত ৰিতুমনিয়ে পৰিয়ালৰ লোকৰ সহযোগত বাইহাটা চাৰিআলি থানাত কৰিশ্মাৰ বিৰুদ্ধে ৰেগিং কৰা বুলি অভিযোগ কৰি এজাহাৰ দাখিল কৰে৷ হিন্দু মুছলমান খ্ৰীষ্টান বেংগলিকে ধৰি ৭৩ গৰাকী ছাত্ৰীয়ে সমিলমিলে হোষ্টেলখনত থাকি পঢ়া শুনা কৰি আহিছে ৷
ইয়াৰ মাজতে এগৰাকী ছাত্ৰীয়ে আন এগৰাকী ছাত্ৰীৰ বিৰুদ্ধে ৰেগিং কৰাৰ অভিযোগত আক্ৰোশমূলকভাৱে এজাহাৰ দাখিল কৰা কাৰ্যক হোষ্টেলৰ ছাত্ৰীয়ে সহজভাৱে লব পৰা নাই বুলি জনাইছে৷ ৰিতুমনি আৰু হোষ্টেলৰ ছাত্ৰীৰ বিপৰীত ভাষ্যই ঘটনাটো ৰহস্যৰ মাজলৈ টানি নিছে।