
গোলকগঞ্জঃ কেন্দ্ৰ-ৰাজ্য চৰকাৰে বছৰি কোটি কোটি টকা দিয়ে বিটিএডিৰ উন্নয়নৰ নামত৷ মাথো চাৰিখন জিলা উন্নয়নৰ বাবে কোটি কোটি টকা দিয়ে যদিও সেই টকাৰে বিটিএডিৰ উন্নয়ন হৈছেনে!
ৰাস্তা-ঘাট, পথ-দলং, বিশুদ্ধ খোৱাপানী যোগান, জলসিঞ্চনৰ ব্যৱস্থা, শিক্ষা, স্বাস্থ্য আদিৰ উন্নয়ণ হৈছেনে৷ হাগ্ৰামা মহিলাৰীয়ে সভা-সমিতিয়ে বিটিএডিক মডেল বিটিচি কৰাৰ কথা কয় যদিও প্ৰকৃততে বিটিএডি মডেল বিটিচি হৈছে নে৷ এই প্ৰশ্ন বাৰুকৈয়ে উত্থাপন হৈ আহিছে৷
পৰিষদখনৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সময়ে সময়ে মডেল বিটিচিৰ কথা কৈ অহাৰ সময়তে এখন দলঙে উদঙাইছে বিটিএডিৰ উন্নয়ণৰ প্ৰকৃত স্বৰূপটো৷ বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত দুখী-সুখী অঞ্চলত আছে এই দলং খন৷
দলং খন নথকাৰ বাবে যোৱা বিশ বছৰে ধৰি বৃহৎ এটি অঞ্চলৰ লোকে বিপদ সংকুল ভাবে কেইডালমান বাহেৰে খোজ কাঢ়িব লগা হয়৷ কোকৰাঝাৰ জিলাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত কালপানী-দূখী-সূখী গ্ৰাম্য পথৰ দুখী-সুখী বিলত থকা দলংখনত বাহ পাৰি দি যাতায়াত কৰিব লগা হয়৷
ধুবুৰী জিলা আৰু বিটিএডিৰ বাশবাৰী, পাগলীৰযোৰা, কালপানী, দুখী-সুখী, জলডোবা আদি গাঁৱৰ ৰাইজে এই দলংখনেৰে অহা-যোৱা কৰিব লগা হয়। চাৰিচকীয়া বাহনটো দূৰৰ কথা মটৰচাইল চলাব নোৱাৰে অঞ্চলটোৰ লােকসকলে৷ কোনো লোকৰ সাধাৰণ ৰোগ এটা হ'লে কান্ধত উঠাই নিব লগা হয় ৰোগীক৷
বিলখনৰ ওপৰত আজি প্ৰায় বিছ পচিশ বছৰ পূৰ্বে এখন কাঠৰ দলং আছিল যদিও সেয়া ভাঙি ছিঙি য়ায৷ তাৰ পাছৰে পৰা যোৱা বিশ বছৰে দলং খন নোহোৱাকৈয়ে কেইডালমান বাঁহ পাৰি দি শ শ লোকে আহ-যাহ কৰি আহিছে৷ এই অঞ্চলটোক উন্নয়নৰ নামত বিটিএডি তথা ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰা অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ ৰাইজে শীঘ্ৰে দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাইছে চৰকাৰক৷