
গোৰেশ্বৰঃ ৰাজ্যৰ আগশাৰীৰ ঠিকাদাৰ প্ৰভূ আগৰৱালাই ৰাইজ, প্ৰশাসন আৰু বন বিভাগৰ চকুত ধূলি দি বনজ সম্পদ ধ্বংস কৰি চোৰাংকৈ সৰবৰাহ কৰিছে বালি-শিল৷ বাক্সা-কামৰূপ জিলাৰ গুৰুত্বপূৰ্ণ বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰাৰ সুবাদতে ক্ৰেছাৰ মেচিন বহুৱাই ঠিকাদাৰগৰাকীয়ে ৰাজ্যৰ আন ঠাইলৈ শিল বালি কঢ়িওৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷
বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথ নিৰ্মাণৰ প্ৰয়োজনীয় শিল বালি ভাৰত-ভূটান সীমান্তৱৰ্ত্তী নৈৰ পৰা সংগ্ৰহ কৰাৰ বাবে অনুমতি লয় ঠিকাদাৰগৰাকীয়ে। কিন্তু ঠিকাদাৰগৰাকীয়ে দীৰ্ঘদিন ধৰি পথটোৰ গইনা লৈ দিনে নিশাই ডাম্পাৰেৰ সৰবৰাহ কৰিছে বালি-শিল৷ ক্ৰেছাৰ বহুৱাই বালি শিল পথটোত নেপেলায় ৰাজ্যৰ আন প্ৰান্তলৈ সৰবৰাহ কৰে৷
বাইহাটা চাৰিআলি-ৰামগাঁও নাগ্ৰীজুলি পথটোৰ জৰাজীর্ণ অৱস্থাৰ বাবে ৰাইজে প্ৰতিবাদ কৰি অহাৰ অন্তত বিশ্ববেংকৰ ৭০ কোটি টকাৰে নিৰ্মাণ কৰাৰ আঁচনি লয় চৰকাৰে৷ ৫২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা নিৰ্মাণৰ দায়িত্ব লাভ কৰে আগশাৰীৰ ঠিকাদাৰ প্ৰভূ আগৰৱালাই। পথটো লেহেমীয়া গতিৰে নিৰ্মাণ কৰি তাৰ বিপৰীতে ৰাজ্যত শিল-বালিৰ নাটনিৰ অজুহাত দেখুৱাই বাক্সা জিলাৰ বন বিভাগৰ অধিনৰ শিল-বালি কৰ ফাঁকিৰে সৰবৰাহ কৰি থকা কাৰ্য্যই সকলোৰে চকু কপালত তুলিছে।
২০১৬ চনৰ ২৩ ফেব্ৰুৱাৰীত সেই সময়ৰ কমলপুৰৰ বিধায়ক যাদৱ ডেকাৰ উপস্থিতিত সংসদীয় সচিব মণিলাল গোৱালাই ৰঙিয়া গড়কাপ্তানি পথ সংমণ্ডল আৰু গোৰেশ্বৰ গড়কাপ্তানী উপ-সংমণ্ডলৰ অধীনৰ পথটো বাইহাটা চাৰিআলিত শুভাৰম্ভ কৰে। ১৭ মাহ অতিক্ৰম কৰি যোৱাৰ পিছতো পথটোৰ নিৰ্মাণ শামুকীয়া গতিৰে কৰাৰ অভিযোগ উত্থাপন হয় প্ৰভূ আগৰৱালাৰ বিৰুদ্ধে। আনহাতে ৰাইজে সময়ে সময়ে অতি নিম্নমানৰ কাম কৰাৰো অভিযোগ তুলিও কাম বন্ধ কৰি দিয়াৰ লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
ইপিনে পথটো নিৰ্মাণৰ বাবে প্ৰয়োজন শিল-বালি শুৱাগপুৰৰ পৰা সংগ্ৰহ কৰাৰ অনুমতি লাভ কৰে ঠিকাদাৰজনে। ইয়াৰ সুবাদতে ঠিকাদাৰজনে ৪ নং শুৱাগপুৰ প্ৰাথমিক বিদ্যালয়ৰ একেবাৰে কাষতে প্ৰায় ১৫ বিঘা মাটিত স্থাপন কৰে ক্ৰেছাৰ আৰু হাপাৰ মেচিন। ইয়াৰ পিছৰে পৰা দিনে-নিশাই শিল ভঙা কাম চলাই গৈছে। ইপিনে ঠিকাদাৰজনে শিল-বালিৰ ৰাজহ ফাঁকিৰে বন বিভাগ-ৰাইজৰ চকুত ধূলি দি আহিছে।
অভিযোগ মতে ইয়াৰ শিল বালিৰে পথছোৱাৰ নিৰ্মাণ কাৰ্য তীব্ৰ গতিত চলিব লাগিছিল যদিও শিল বালি অন্য ঠাইলৈ সৰবৰাহ কৰি আহিছে ঠিকাদাৰজনে। জানিব পৰা মতে প্ৰায় ২০-২২ খন ডাম্পাৰ এই পথটোৰ কামত নিয়োজিত হৈ থকা দেখুৱাই ৭-৮ খন ডাম্পাৰে সন্ধিয়াৰে পৰা বহু নিশালৈ গুৱাহাটী, মঙলদৈ আদি ঠাইলৈ সৰবৰাহ কৰি আহিছে।
প্ৰতিখন ডাম্পাৰত ১০-১২ চি এম শিলৰ চালান কাটি প্ৰায় ২০-২২ চি এম শিল বোজাই কৰি বাহিৰলৈ সৰবৰাহ কৰি বন বিভাগক বৃহৎ পৰিমাণৰ ৰাজহ ফাঁকি দি আহিছে। লগতে বহু ডাম্পাৰৰ পঞ্জীয়ন নোহোৱাৰ লগতে চালক-হেণ্ডিমেনৰ অনুজ্ঞাপত্রও নাই বুলি অভিযোগ আছে।
বৰনদী অভয়াৰণ্য এলেকাধীন অঞ্চলৰ পৰা নিতৌ কৰ ফাঁকিৰে শিল-বালি সৰবৰাহ কৰি ঠিকাদাৰজনে লাখ লাখ টকা মুনাফা লভিছে তাৰ বিপৰীত বাইহাটা-চাৰিআলি-গোৰেশ্বৰ-বগামাটি পথটোৰ নিৰ্মাণ কাৰ্য লেহেম হোৱাৰ লগতে নিম্নমানৰ হৈছে বুলি ৰাইজে অভিযোগ তুলিছে।
আনহাতে যি হাৰত পথটোত প্ৰতিদিনে ছটিয়াব লাগে তাতো কৃপণালি কৰিছে ঠিকাদাৰজনে। পথৰ দুয়োকাষে বসবাস কৰা লোকৰ লগতে শিশু আৰু ছাত্ৰ ছাত্ৰীয়ে ধূলিৰ বাবে এতিয়া বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে।
বহু অঞ্চলত আকৌ পুৰণি পকী উঠাই নিদিয়াকৈ তাৰ ওপৰতে মাটি জাপি দি পথ নিৰ্মাণ কৰাও দেখা গৈছে। গড়কাপ্তানি বিভাগৰ এই গুৰুত্বপূর্ণ পথছোৱা মজবুত কৰি নিৰ্মাণ কৰাৰ লগতে শিল-বালিৰ নাটনিৰ অজুহাত দেখুৱাই ৰাজহ ফাঁকিৰে যি দুৰ্নীতি সংঘটিত কৰিছে সেয়া শীঘ্ৰেই বন্ধ কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে।