
বিহগুৰিঃ ৰাজ্য চৰকাৰৰ বিষয়া কৰ্মচাৰীৰ কামৰ নমুনা প্ৰত্যক্ষ কৰি অসন্তুষ্ট হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনতা ভৱনত সভা অনুষ্ঠিত কৰি বিষয়া কৰ্মচাৰীক লেহেম গতিৰে কাম হোৱা বুলি আক্ষেপ প্ৰকাশ কৰিছিল।
জাতি-মাটিৰ কথা কৈ শাসনৰ ভাৰ দখল কৰা চৰকাৰৰ মূৰব্বীগৰাকীয়ে বিষয়াসকলক নিজৰ অভিজ্ঞতাক কামত খটুৱাবলৈকো পৰামৰ্শ আগবঢ়াইছিল।
মুখ্যমন্ত্ৰীৰ এনে আহ্বান আৰু পৰামৰ্শক গুৰুত্ব নিদি ৰাজ্য চৰকাৰৰ আভ্যন্তৰীণ জল-পৰিবহণ বিভাগৰ এগৰাকী বিষয়াই কৰ্তব্যত চৰম গাফিলতিৰে দৰমহা লৈ থকাৰ তথ্য পোহৰলৈ আহিছে।
শোণিতপুৰ জিলাৰ শিঙৰীৰ পৰা নগাঁৱৰ ধিং আৰু বৰচলাৰ পৰা নগাঁও-মমৈৰাবাৰী পাৰঘাট এলেকাটো চোৱাচিতা কৰাৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ৩২জন কৰ্মচাৰী আছে যদিও ইয়াৰ এছ অ’গৰাকীয়ে বিগত তিনি বছৰ ধৰি কৰ্তব্যত উপস্থিত নথকা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
আভ্যন্তৰীণ জল-পৰিবহণ বিভাগৰ শিঙৰি-মৈৰাবাৰী পাৰঘাটৰ একাংশ বিষয়াক মেনেজ কৰি এছ অ’গৰাকীয়ে কৰ্তব্যত উপস্থিত নথকাকৈয়ে গুৱাহাটীৰ পৰাই দৰমহা লৈ থকা বুলি জানিব পৰা গৈছে।
আনহাতে এই অভিযোগ স্থানীয় ৰাইজে বিধায়ক গণেশ লিম্বুককো দিয়ে৷ বিধায়কগৰাকীয়ে বিভাগীয় মন্ত্ৰীক এছ অ’গৰাকীৰ কথা কয় যদিও আজিপৰ্য্যন্ত বিষয়াগৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে৷