13
Aug
2017

কাজলগাঁওঃ ৬০ ঘন্টা ধৰি যাতায়াত ব্যাহত হৈ পৰিছে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পাণবাৰী অঞ্চলত৷ ফেনে পোটোকাৰে বাঢ়ি বুঢ়ীসুঁতি নৈৰ বাঢ়নী পানীয়ে পাণবাৰী অঞ্চলৰ ৰাইজৰ যোগাযোগৰ একমাত্ৰ পথৰ কাঠৰ দলং উটুৱাই নিয়াত ৬০ ঘন্টা ধৰি যাতায়াত ব্যাহত হৈ পৰিছে৷
শুকুৰবাৰে ভূটান পাহাৰৰ পৰা নামি অহা নদীৰ কোবাল সোতে পাণবাৰীত থকা বিজনী সংযোগী দলংখন উটুৱাই নিয়াত ব্যাপক সমস্যাত পৰিছে ৰাইজ৷ বিজনী চহৰ সংযোগী একমাত্ৰ দলংখন উটুৱাই নিয়াৰ ফলত ১৬ খন গাঁৱৰ লোক পাণবাৰীৰে সংযোগ স্থাপন কৰিব পৰা নাই ৷ স্থানীয় ৰাইজে শিক্ষাৰ্থী, চাকৰিয়াল, ব্যৱসায়ীকে ধৰি সকলোলোকৰ সুবিধাৰ্থে নাওৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসন দাবী জনায়৷