মৰাণঃ উজনি অসমৰ মৰাণত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সমাৱেশ অনুষ্ঠিত কৰি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰে৷ ৰাজ্য চৰকাৰক সমালোচনা কৰি চৰকাৰখনে জনবিৰোধী নীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ কেইবাটাও দাবীৰ সমৰ্থনত কৃষক সংগঠনটোৰ আহ্বানত পুৱাৰে পৰা ডিব্ৰুগড় জিলাৰ মৰাণৰ বামুণবাৰীত কেইবাসহস্ৰাধিক লোক সমবেত হয়৷

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰা, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা হিন্দু-মুছলমান সকলো বিদেশীক বহিষ্কাৰ কৰা দাবীত অনুষ্ঠিত সমাৱেশত বক্তাসকলে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ সমাৱেশত উপস্থিত থাকি কৃষক নেতা অখিল গগৈয়ে অসমবাসীয়ে অচিৰেই এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী বিচাৰে বুলি কয়৷ গগৈয়ে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ জৰিয়তে স্বদেশী-বিদেশী চিনাক্তকৰণ কৰি বহিস্কাৰ কৰিব লাগিব বুলি হুংকাৰ দিয়ে৷

অখিলে হিন্দু অবৈধ বাংলাদেশীক অসমত ঠাই নিদিবলৈ সকীয়াই দি চৰকাৰে হিন্দু বাংলাদেশী অসমলৈ আনিলে হাতত অস্ত্ৰ লোৱাৰ ভাবুকি প্ৰদান কৰে৷ আজি অখিল গগৈয়ে একপ্ৰকাৰ আক্ৰোশমূলক নীতি পৰিহাৰ কৰিবলৈ চৰকাৰক সকীয়াই দিয়ে৷

চৰকাৰে নিৰ্দোষী মানুহক অত্যাচাৰ কৰা বুলি কয় অখিলে৷ অসমত অসমীয়াৰ দপদপনি থাকিব লাগিব বুলি স্পষ্ট কৰি দি অখিলে বাংলাদেশ আৰু নেপালৰ লগত বিদেশী প্ৰত্যাৰ্পণ চুক্তি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনায়। সকলো বিদেশীক অসমৰ পৰা বহিষ্কাৰ কৰাৰ লগতে কোনো নতুন বিদেশীক গ্ৰহণ নকৰিবলৈও সকীয়াই দিয়ে কৃষক নেতাগৰাকীয়ে৷ হিন্দু-মুছলমান সকলো ধৰ্মীয় মৌলবাদ, সন্ত্ৰাসবাদ আৰু ফেচিবাদৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংগ্ৰাম কৰি যোৱাৰ পোষকতা কৰে।

বামুণবাৰীত অনুষ্ঠিত সমাৱেশত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰা, শীঘ্ৰে NRCৰ কাম সম্পূৰ্ণ কৰি বিদেশী বিতাড়ণৰ ব্যৱস্থা কৰা, থলুৱাক মাটিৰ অধিকাৰ প্ৰদান আৰু অসমক বিশেষ ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবীজনাই সংগঠনটোৱে। গণ সমাৱেশত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰো উপস্থিত থাকে৷