ধিংঃ অকৰ্মন্য মন্ত্ৰীৰ অকৰ্তৃত্বশীল বিভাগত পৰিণত হৈছে ৰাজ্যৰ বিদ্যুৎ বিভাগ৷ ঘৰে ঘৰে ২৪ ঘন্টাই বিদ্যুৎ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনত বিদ্যুৎ নাযায়, মাজে মাজে আহে হে৷

সমগ্ৰ ৰাজ্য জুৰি বিদ্যুৎ বিভাগৰ এনে কাণ্ডত অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ৷ উৎকট গৰমৰ দিন কেইটাতো অনিয়মীয়া বিদ্যুৎ যোগানে মানুহক হাৰাশাস্তি কৰাৰ সময়তে বিদ্যুৎ বিভাগৰ কাণ্ড কাৰখানাত অতিষ্ঠ হৈ নগাঁও জিলাৰ খালৈগাঁৱৰ ৰাইজে বুধবাৰে নিশা খালৈগাঁৱৰ ১৩২/৩৩ kv গ্রীড পাৱাৰ ষ্টেচনটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷

খালৈগাঁৱত পাৱাৰ ষ্টেচনটো স্থাপন কৰোঁতেই স্থানীয় ৰাইজৰ লগত হোৱা চুক্তি অনুযায়ী খালৈগাঁও অঞ্চলত পাৱাৰ ষ্টেচনটোৱে নিয়মীয়া বিদ্যুৎ যোগান ধৰিব লাগে৷ লগতে বিদ্যুৎ যোগান কেন্দ্ৰটোত থলুৱা নিবনুৱাক সংস্থাপন দিয়াৰ বাবেও চুক্তিবদ্ধ হৈছিল বিদ্যুৎ বিভাগ৷ কিন্তু চুক্তিবদ্ধ হোৱাৰ পাছতো বিদ্যুৎ যোগান নিয়মিত নহয় আৰু স্থানীয় নিবনুৱাক সংস্থাপন দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে৷

ৰাজ্যৰ বিদ্যুৎ বিভাগ আৰু বিদ্যুৎ যোগান কেন্দ্ৰটোৰ অকৰ্তৃত্বশীল মনোভাৱৰ বাবে স্থানীয় ৰাইজে বুধবাৰে নিশা ১৩২/৩৩ kv গ্রীড পাৱাৰ ষ্টেচনটো ঘেৰাও কৰাৰ লগতে খালৈগাঁৱৰ ৰাজপথত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ শেষ পৰ্যন্ত ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রন কৰে।