জয়সাগৰঃ ৩০০ কোটিৰ কেলেংকাৰিৰ তদন্তৰ দাবী উত্থাপন কৰি আজি কেইবাশতাধিক লোকে কপালে শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ চৌহদ৷ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু ভূমি অধিগ্ৰহণৰ নামত শিৱসাগৰ জিলাত ৩০০ কোটিৰো অধিক টকাৰ কেলেংকাৰীৰ সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ ৰাইজ আজি ওলাই আহে ৰাজপথলৈ৷

ৰাইজে কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী উত্থাপন কৰি শিৱসাগৰ জিলাৰ যৌথ সংগ্ৰামী মঞ্চৰ নেতৃত্বত ওলাই আহি শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সমবেত হয়৷ চৰকাৰ বিৰোধি বিভিন্ন শ্ল’গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৰাইজে।

মঞ্চৰ সভাপতি অশ্বিনী কুমাৰ চেতিয়াই বিয়াগোম কেলেংকাৰীৰ সৈতে জড়িত সকলৰ বিৰুদ্ধে চৰকাৰে কিয় তদন্ত নকৰে বুলি প্ৰশ্ন কৰে৷ শিৱসাগৰৰ ৰাইজে এই দুৰ্নীতিৰ তদন্তৰ দাবী উত্থাপন কৰি ইতিৰ্পূবে জিলা উপায়ুক্তৰ জৰিয়তে কেইবাবাৰো ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰেৰাইজে৷ জিলাখনৰ ১৪ টা সংগঠনৰ স্বাক্ষৰযুক্ত এক স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে যৌথ সংগ্রামী মঞ্চই৷